‘কেন্দ্ৰ আৰু ৰাজ্যসমূহে যদি টিম ইণ্ডিয়াৰ দৰে কাম কৰে…’, নীতি আয়োগৰ বৈঠকত কি ক’লে মোদীয়ে?

IMG 20250524 165350

PM Narendra Modi: অপাৰেচন সিন্দূৰৰ সাফল্যৰ পাছতে গৌৰৱৰে দেশৰ ঐক্যৰ কথা কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এইবাৰ নিটি আয়োগৰ বৈঠকত তেওঁ কয়,কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে টিম ইণ্ডিয়াৰ দৰে একেলগে কাম কৰিলে কোনো লক্ষ্যই অসম্ভৱ নহয়।

ADVERTISEMENT

শনিবাৰে অনুষ্ঠিত হয় নিটি আয়োগৰ দশম গভৰ্নিং কাউন্সিলৰ বৈঠক।এই বৈঠকত সভাপতিত্ব কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।

সভাত তেওঁ উন্নয়নৰ গতি বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এক্স হেণ্ডেলত নীতি আয়োগৰ এক পোষ্ট অনুসৰি মোদীয়ে বৈঠকত কয়,”আমি উন্নয়নৰ গতি বৃদ্ধি কৰাটো প্ৰয়োজন। যদি কেন্দ্ৰ আৰু সকলো ৰাজ্য একত্ৰিত হৈ টিম ইণ্ডিয়াৰ দৰে একেলগে কাম কৰে, তেন্তে কোনো লক্ষ্য পূৰণেই অসম্ভৱ নহয়।”

নীতি আয়োগ পৰিচালনা পৰিষদৰ বৈঠকৰ বিষয়বস্তু আছিল “উন্নত ৰাজ্য, উন্নত ভাৰত@২০৪৭”।

মোদীয়ে কয়, “এখন উন্নত ভাৰত প্ৰতিজন ভাৰতীয়ৰ লক্ষ্য। যেতিয়া প্ৰতিখন ৰাজ্য উন্নত হ’ব তেতিয়া ভাৰতো উন্নত হ’ব। এয়া ১৪০ কোটি নাগৰিকৰ আকাংক্ষা।”

এই নীতি আয়োগ সন্মিলনৰ বৈঠকত অধিকাংশ ৰাজ্যৰ মুখ্যমন্ত্রী, কেন্দ্রীয় শাসিত অঞ্চলৰ উপ-ৰাজ্যপাল, কেবাজনো কেন্দ্রীয় মন্ত্রী উপস্থিত থাকে৷এই বৈঠকত নেতৃত্ব দিয়ে নীতি আয়োগৰ অধ্যক্ষ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

Exit mobile version