গাজাত যুদ্ধত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিশু, চিকিৎসালয়ত পুষ্টিহীন শিশুৰ সংখ্যা বৃদ্ধিৰ 

Gaza: গাজাত অব্যাহত থকা ইজৰাইল-হামাছৰ যুদ্ধত সর্বাধিক প্রভাবিত হৈছে নিষ্পাপ শিশু। গাজাৰ চিকিৎসালয়ত পুষ্টিহীনতাত ভোগা শিশুৰ সংখ্যা দিনকদিনে বৃদ্ধি পাইছে।

ADVERTISEMENT

খান ইউনিছ চহৰৰ নাছিৰ হাস্পতালত থকা দুবছৰীয়া বয়সৰ ময়াব অল-অবজা নামৰ শিশুটিৰ স্বাস্থ্যৰ অৱস্থাই সম্প্রতি বিশেষ চর্চা লাভ কৰিছে।

যুদ্ধত প্রভাবিত ময়াৰ নামৰ শিশুটি চৰম পুষ্টিহীনতাত ভুগিছে। ইয়াৰ ফলত শিশুটিৰ শৰীৰত একাধিক সমস্যাই দেখা দিছে। আনকি শ্বাস-প্রশ্বাস গ্রহণৰ ক্ষেত্ৰতো এই কণমানি শিশুটিয়ে সমস্যাৰ সম্মুখীন হৈছে।

অকল ময়াৰেই নহয়, গাজাৰ প্ৰায়বোৰ চিকিৎসালয়ত আৰু শৰণার্থী শিবিৰত এইদৰে চৰম পুষ্টিহীনতাত ভোগা হেজাৰ হেজাৰ শিশু আছে।

এইসকল শিশুক প্রয়োজনীয় পুষ্টি প্রদানৰ ক্ষেত্ৰত চিকিৎসালয় কর্তৃপক্ষ সক্ষম হোৱা নাই। কিয়নো গাজাত প্রয়োজনীয় খাদ্য, দৰৱ আদিৰ যোগান তেনেই সীমিত। ৰাষ্ট্ৰসংঘৰ শিশু সংস্থা ইউনিচেফৰ তথ্য অনুসৰি, গাজাত বৰ্তমানে ন হেজাৰৰো অধিক শিশু চৰম পুষ্টিহীনতাত ভুগিছে।

যুদ্ধৰ কাৰণতে দিনক দিনে গাজাত পীড়িত শিশুৰ সংখ্যা বৃদ্ধি পাইছে। বিশ্ব স্বাস্থ্য সংস্থাই যোৱা সপ্তাহত কৈছিল যে গাজাত পূৰ্বৰে পৰা খাদ্যৰ অভাৱত নিৰীহ নাগৰিকৰ মৃত্যু অব্যাহত আছে।

শিশুৰ লগতে যুদ্ধবিধ্বস্ত গাজাত মহিলা সকলো সর্বাধিক প্রভাবিত আৰু ক্ষতিগ্রস্ত হৈছে। ইজৰাইলে ২০ লাখ পেলেষ্টাইনীৰ বাসস্থান এই অঞ্চলত সকলো খাদ্য, দৰৱ আৰু অন্যান্য সা-সামগ্রীৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ ফলত গাজা ভূখণ্ডত এতিয়া সর্বত্র খাদ্যৰ সমস্যাই দেখা দিছে।

Exit mobile version