সুৰা বিক্ৰীৰ জৰিয়তে দেশৰ এই তিনি ৰাজ্যই আহৰণ কৰিছে সৰ্বাধিক ৰাজহ

images 1 3

ভাৰতত সুৰা কেৱল এক নিচা বা মনোৰঞ্জনে নহয়, বৰঞ্চ ৰাজ্যসমূহৰ বাবে ই হৈছে ৰাজহ আহৰণৰ এক উত্তম উপায়। প্রতি বছৰে কোটি কোটি টকাৰ সুৰা বিক্ৰীৰে চৰকাৰে ৰাজকোষ টনকিয়াল কৰি আহিছে।

ADVERTISEMENT

আবকাৰী শুল্ক হিচাপে চৰকাৰে সুৰা বিক্ৰীৰ জৰিয়তে বৃহৎ পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰে। এক প্রতিবেদনৰ তথ্য অনুসৰি, ভাৰতত তিনিখন ৰাজ্যই সুৰা বিক্ৰীৰ জৰিয়তে আবকাৰী শুল্ক আহৰণত অভিলেখ সৃষ্টি কৰিছে।

দেশৰ ভিতৰতে সম্প্রতি সুৰাৰ জৰিয়তে ৰাজহ আহৰণত শীৰ্ষত আছে উত্তৰ প্ৰদেশ। যোগী আদিত্যনাথ শাসিত ৰাজ্যখনে ২০২২-২৩ বিত্তীয় বৰ্ষত সুৰাৰ জৰিয়তে লাভ কৰিছিল ৪১,২৫০ কোটি টকা।

সর্বাধিক জনসংখ্যাৰ উত্তৰ প্ৰদেশত চৰকাৰৰ বাবে ৰাজহ আহৰণৰ অন্যতম এক উৎসত পৰিণত হৈছে সুৰা। সুৰাৰ জৰিয়তে ৰাজহ আহৰণত দ্বিতীয় স্থানত আছে কর্ণাটক।

দক্ষিণ ভাৰতৰ এইখন ৰাজ্যই ২০২২-২৩ বিত্তীয় বৰ্ষত সুৰা বিক্ৰীৰ জৰিয়তে লাভ কৰিছিল ২০,৯৫০ কোটি টকাৰ ৰাজহ। বাংগালুৰুৰ দৰে বৃহৎ চহৰত সুৰাৰ চাহিদা অধিক হোৱাৰ ফলত কৰ্ণাটকত সুৰাৰ বিক্ৰী বৃদ্ধি পাইছে।

ইয়াৰ ফলত লাভবান হৈছে কর্ণাটক চৰকাৰ। সুৰা বিক্ৰীৰ জৰিয়তে তৃতীয় সর্বাধিক ৰাজহ অৰ্জন কৰা ৰাজ্যখন হৈছে মহাৰাষ্ট্ৰ।

২০২২-২৩ বিত্তীয় বৰ্ষত মহাৰাষ্ট্ৰ চৰকাৰে সুৰা বিক্ৰীৰ জৰিয়তে আবকাৰী শুল্ক হিচাপে লাভকৰিছিল ১৫.৩৪৩.০৮ কোটি টকা। মুম্বাই আৰু পুনেৰ দৰে মহানগৰত সুৰাৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে।

Exit mobile version