কেৰালা উপকূলত ডুব গ’ল ‘বিপজ্জনক’ পণ্যবাহী বিদেশী জাহাজ! জাৰি কৰা হ’ল সতৰ্কতা 

1748158855 oil

Kerala:কেৰালাৰ উপকূলত ডুবিল লাইবেৰিয়াৰ এখন মালবাহী জাহাজ। সূত্ৰ অনুসৰি জাহাজখনত ৬৪০টা কণ্টেইনাৰ আছিল। তাৰ ভিতৰত ১৩টা কণ্টেনাৰত আছিল‘বিপজ্জনক’ সামগ্ৰী ।

ADVERTISEMENT

যদি সেই ৰাসায়নিক পদাৰ্থবোৰ বিয়পি পৰে তেন্তে ই সাগৰীয় প্ৰাণী আৰু মানুহৰ ক্ষতি কৰিব পাৰে।

ফলত চিন্তিত হৈ পৰিছে কেৰালা চৰকাৰ আৰু উপকূলৰক্ষীবাহিনী। লগতে জাহাজখনৰ টেংকাৰৰ পৰা সাগৰত তেল পৰাৰ আশংকা। এই কাৰণতে উপকূলীয় অঞ্চলত কেৰালা চৰকাৰে এক সতৰ্কবাণী জাৰি কৰিছে।জাহাজখনত ২৪ জন নাৱিক আছিল। সকলোকে উদ্ধাৰ কৰা হৈছে।

ইণ্ডিয়ান ক’ষ্ট গাৰ্ড (আইচিজি)ৰ সূত্ৰ অনুসৰি লাইবেৰিয়াৰ মালবাহী জাহাজখনে শনিবাৰে ভাৰতলৈ সহায়ৰ বাবে অনুৰোধ প্ৰেৰণ কৰে।

লগে লগে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে। দেওবাৰে পুৱা সম্পূৰ্ণৰূপে জাহাজখন সাগৰত ডুব যায় ।

আইচিজি এক্স হেণ্ডেলত পোষ্ট কৰি জনাইছে, শনিবাৰে জাহাজখনত থকা ২১ জন লোকক ভাৰতীয় নৌসেনাই উদ্ধাৰ কৰে। ভাৰতীয় নৌসেনাৰ জাহাজ ‘সুজাতা’ই দেওবাৰে জাহাজখনৰ পৰা আৰু তিনিজন নাৱিকক উদ্ধাৰ কৰে।

জাহাজখনত আছিল ১৩টা কণ্টেইনাৰ ‘বিপজ্জনক’ সামগ্ৰী। ইয়াৰে ১২টাত কেলচিয়াম কাৰ্বাইড আছিল। তাৰ লগতে জাহাজখনৰ টেংকাৰখনত ৮৪.৪৪ মেট্ৰিক টন ডিজেল আৰু ৩৬৭.১ মেট্ৰিক টন চুলাৰ তেল আছিল। এই তেল সাগৰৰ পানীৰ লগত মিহলি হ’লে কিমান বিপজ্জনক হ’ব পাৰে সেয়া এক প্ৰকাৰৰ

স্পষ্ট।

ক’ষ্ট গাৰ্ডে জনাইছে ,তেওঁলোকে এই পৰিস্থিতি নিৰীক্ষণ কৰি আছে । কেৰালা চৰকাৰৰ সহযোগত এই দুৰ্যোগৰ মোকাবিলা কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বাহিনীয়ে সাধাৰণ জনতাক সকীয়াই দিছে। সাগৰত ওপঙি থকা যিকোনো বস্তু ধৰা নিষিদ্ধ ।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰই কয় যে জাহাজৰ পৰা তেল নিৰ্গত হোৱা ৰোধৰ বাবে নৌসেনা আৰু উপকূলৰক্ষী বাহিনীয়ে একেলগে কাম কৰি আছে। আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে।

পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ অধীনস্থ ইণ্ডিয়ান নেচনেল চেণ্টাৰ ফৰ অ’চেন ইনফৰ্মেশ্যন চাৰ্ভিচে জনাইছে যে যদিহে ডুব যোৱা জাহাজখনৰ পৰা তেল লিক হ’বলৈ আৰম্ভ কৰে তেন্তে কেৰেলাৰ আলাপ্পুঝা, আম্বালাপুজা, আৰাট্টুপুজা, আৰু কৰুণাগাপল্লীৰ বিল প্ৰদূষিত হ’ব পাৰে।

ইফালে কেলচিয়াম কাৰ্বাইড পানীৰ লগত মিহলি হ’লে এচিটিলিন গেছ উৎপন্ন কৰিব পাৰে। এই গেছৰ সংস্পৰ্শলৈ আহিলে জীৱ-জন্তুৰ স্নায়ুৰ সমস্যা হ’ব পাৰে।

Exit mobile version