দেশত বৃদ্ধি পাইছে ক’ভিডৰ উদ্বেগ !

কেৰালা-মহাৰাষ্ট্ৰত বৃদ্ধি পাইছে সংক্ৰমণ

IMG 20250525 184756

Covid 19 New Wave: শেহতীয়াকৈ দেশত পুনৰ বৃদ্ধি পাইছে ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা। ভাৰতৰ বিভিন্ন ৰাজ্যত ক’ভিড-১৯ ৰোগীৰ অধিকাংশ ৰোগী মৃদু প্ৰকৃতিৰ আৰু ৰোগীক ঘৰতে চিকিৎসা কৰা হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।

ADVERTISEMENT

শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য সচিবে Covid-19 পৰিস্থিতি সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে।

এই বৈঠকত স্বাস্থ্য গৱেষণা বিভাগৰ সচিব, আইচিএমআৰৰ সঞ্চালক প্ৰধান, ডিজিএইচএছৰ লগতে নেশ্যনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল (এনচিডিচি)ৰ বিষয়াসকল উপস্থিত থাকে।

কেৰালা, তামিলনাডু, মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ কেবাজনো নতুনকৈ Covid ৰোগী ধৰা পৰিছে।

অৱশ্যে সূত্ৰসমূহে দাবী কৰিছে যে দেশত আইডিএছপি (ইণ্টিগ্ৰেটেড ডিজিজ চাৰ্ভিলেন্স প্ৰগ্ৰেম) আৰু আইচিএমআৰৰ ৰেস্পিৰেটৰী ভাইৰাছ চাৰ্ভিলেন্স নেটৱৰ্কৰ জৰিয়তে এক শক্তিশালী চোৱাচিতা ব্যৱস্থা স্থাপন কৰা হৈছে।

চৰকাৰী সূত্ৰই জনোৱা মতে, এই সংক্ৰমণৰ অধিকাংশই সামান্য আৰু ৰোগীসকল ঘৰতে সুস্থ হৈ উঠিছে।

যদিও শেহতীয়াকৈ সংবাদ মাধ্যমত ছিংগাপুৰ আৰু হংকংকে ধৰি কিছুমান দেশত Covid ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ বাতৰি প্ৰকাশ পাইছে, তথাপিও National IHR Focal Point য়ে প্ৰকাশ কৰিছে যে বৰ্তমান সংক্ৰামক ভেৰিয়েন্ট পূৰ্বৰ ভেৰিয়েন্টতকৈ বেছি গুৰুতৰ বা সংক্ৰামক নহয়।

সূত্ৰই জনোৱা মতে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয় সম্পূৰ্ণ সষ্টম হৈ আছে আৰু একাধিক সংস্থাৰ জৰিয়তে পৰিস্থিতি নিৰীক্ষণ কৰা হৈছে। INSACOGৰ তথ্য অনুসৰি ভাৰতত NB.1.8.1 নামৰ নতুন Covid ভেৰিয়েন্টৰ এটা আৰু LF.7 ভেৰিয়েন্টৰ চাৰিজন ৰোগী ধৰা পৰিছে।

বিশ্ব স্বাস্থ্য সংস্থাই (WHO) ২০২৫ চনৰ মে’ মাহলৈকে LF.7 আৰু NB.1.8 ভেৰিয়েন্টসমূহক “Variants Under Monitoring” (VUMs) হিচাপে চিনাক্ত কৰিছে, আৰু ইয়াক এতিয়াও “Variants of Concern” (VOCs) বা “Variants of Interest” (VOIs) বুলি গণ্য কৰা হোৱা নাই। কিন্তু চীন আৰু এছিয়াৰ কিছু অংশত সংক্ৰমণ বৃদ্ধিৰ বাবে এই ভিন্নতাসমূহক দোষাৰোপ কৰা হৈছে।

বৰ্তমান ভাৰতত JN.1 ভেৰিয়েন্ট আটাইতকৈ বেছি প্ৰচলিত (53%), তাৰ পিছত BA.2 (26%) আৰু অন্যান্য Omicron উপবংশ (20%)। ১৯ মে’ পৰ্যন্ত দেশত সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ২৫৭ জন।দিল্লীত নতুনকৈ ২৩ জন ৰোগী ধৰা পৰিছে।

উল্লেখ্য যে,বিগত ২৪ ঘন্টাত অন্ধ্ৰ প্ৰদেশত চাৰিজন, তেলেংগানাত এজন, বেংগালুৰুত এটা ন’মহীয়া শিশুৰ ক’ভিড-১৯ ধৰা পৰিছে। কেৰালাত মে’ মাহত ২৭৩ জন লোক আক্ৰান্ত আছে।

Exit mobile version