‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

images 3 2

এইবাৰ অমিতাভ বচ্চনৰ ঠাইত ছলমান খান। ছলমানক ‘বিগ বছ’ব সঞ্চালকৰূপে দেখাতে অভ্যস্ত দর্শক। সেই ৰিয়েলিটী শ্ব’ত

ADVERTISEMENT

সপ্তাহান্তিকত ছলমানেআহি প্রতিযোগীসকলক ধমক দিছিল। বিভিন্ন বিষয়ত তেওঁ পৰামৰ্শও দিছিল। দর্শকৰ মতে ছলমান অবিহনে ‘বিগ বছ’ কল্পনা কৰিব নোৱাৰি; কিন্তু ছলমানে ‘বিগ বছ’ এৰি এইবাৰ অমিতাভৰ স্থান ল’ব পাৰে ‘কৌন বনেগা ক্রোৰপতি’ত।

ইতিমধ্যেই এই জল্পনা আৰম্ভ হৈছে।২০০০ৰ পৰা আৰম্ভ হোৱা ‘কৌন বনেগা ক্রোৰপতি’ৰ প্রথম ছিজনৰ পৰাই অমিতাভে সঞ্চালনা কৰি আহিছে।

অৱশ্যে শ্বাহৰুখ খানে চতুৰ্থ ছিজনত সঞ্চালকৰ আসনত বহিছিল; কিন্তু যেতিয়া সেই ছিজনটো ভাল নহ’ল, তেতিয়া ‘বিগ বি’ক পুনৰ ঘুৰাই অনা হ’ল। প্রবীণ অভিনেতাজনে মুঠ ১৫টা ছিজন সঞ্চালনা কৰিছে।

এইবাৰ শুনা গৈছে যে অমিতাভ আৰু নাথাকে। তেওঁৰ পৰিৱৰ্তে এই অনুষ্ঠানৰ সঞ্চালনা কৰিব ছলমানে। এই সম্ভাবনা প্রকাশ পোৱাৰ লগে লগে উত্তেজিত হৈ পৰিছে ‘ভাইজান’ৰ অনুৰাগীসকল।

অনুৰাগীৰ এটা অংশই বিচাৰে যে ছলমানে ‘বিগ বছ’ এৰি এইবাৰ ‘কৌন বনেগা ক্রোৰপতি’ সঞ্চালনা আৰম্ভ কৰক। এজন ব্যক্তিয়ে লিখিছে, ‘বাদ দিয়া বিগ বছ। তেওঁ লগে লগে বিগ বছ এৰি কেবিচিলৈ আহিব লাগে; কিন্তু মই নাভাবো যে তেওঁ তেনেকুৱা কৰিব।’

আন এজন ব্যক্তিয়ে লিখিছে, ‘বিগ বছৰ দৰে বেয়া শ্ব’ এৰি ছলমানে এইটোৱেই কৰা উচিত।’ অৱশ্যে এই বিষয়ত চেনেল বা তাৰকাসকলৰ পৰা এতিয়ালৈকে কোনো প্রতিক্রিয়া অহা নাই। অহা ১৯ জুলাইৰ পৰা আৰম্ভ হ’ব ‘বিগ বছ ১৯’ৰ শুটিং।

প্রতি বছৰে ছেপ্টেম্বৰ-অক্টোবৰৰ পৰা আৰম্ভ হয় এই বিয়েলিটি শ্ব’; কিন্তু এইবাৰ অনুষ্ঠানটো আগতেই আৰম্ভ হোৱাৰ কথা

Exit mobile version