‘মেড ইন ইণ্ডিয়া’ৰ শক্তি বিশ্বই দেখিছে!

মন কি বাত সন্দৰ্ভত মোডী: অপাৰেচন সিন্দুৰৰ সফলতা

images 5 3

Mann Ki Baat: অপাৰেচন সিন্দূৰৰ পাছত প্ৰথম মন কি বাত। স্বাভাৱিকতে প্ৰধানমন্ত্ৰীৰ মাহেকীয়া কাৰ্যসূচীৰ বহুখিনি ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সফলতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।

ADVERTISEMENT

অপাৰেচন সিন্দূৰৰ পাছত প্ৰথম ‘মন কি বাত’ ত মোদীয়ে কয়, সেনাৰ বীৰত্বৰ বাহিৰেও অপাৰেচন সিন্দূৰ ‘মেড ইন ইণ্ডিয়া’ৰ শক্তিৰ প্ৰতীক।

প্ৰধানমন্ত্ৰীয়ে কয়, “অপাৰেচন সিন্দূৰত ব্যৱহৃত অস্ত্ৰ-শস্ত্ৰৰ অধিকাংশই এই দেশৰ মাটিত নিৰ্মাণ কৰা হৈছিল। আমাৰ সৈনিক, অভিযন্তা, কাৰিকৰী, আৰু এই দেশৰ তেজ- ঘামৰ এই সফলতা ।”

মান কি বাতত প্ৰধানমন্ত্ৰীয়ে কয়, “আমাৰ সৈন্যই বাছি বাছি সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰিছে। এয়া তেওঁলোকৰ অদম্য সাহসৰ প্ৰমাণ, লগতে আধুনিক অস্ত্ৰ-শস্ত্ৰ, প্ৰযুক্তি আৰু সঁজুলিৰ শক্তি। আত্মনিৰ্ভৰশীল ভাৰতৰ সংকল্পও পোহৰলৈ আহিছে।”

প্ৰধানমন্ত্ৰীয়ে কয়,” আমাৰ অভিযন্তাৰ পৰা , টেকনিচিয়ান অপাৰেচন সিন্দূৰৰ সফলতাৰ আঁৰত সকলোৰে ঘাম মিশ্ৰণ হৈ আছে ।”

দৰাচলতে দেশীয় প্ৰযুক্তি ব্যৱহাৰ কৰি তৈয়াৰ কৰা আকাশ ছাৰ্ফেচ-টু-এয়াৰ মিছাইল চিষ্টেমে অপাৰেচন সিন্দূৰৰ সময়ত পাকিস্তানৰ আক্ৰমণক নিখুঁতভাৱে প্ৰতিহত কৰিছিল। ব্যৱহাৰ হৈছিল টি-৭২ মূল যুদ্ধ টেংক ।

‘মন কি বাত’ত প্ৰধানমন্ত্ৰীয়ে কয়, “অপাৰেচন সিন্দূৰ ভাৰতৰ সাহসিকতাৰ প্ৰতীক। ভাৰতীয় সেনাই যি দক্ষতা আৰু নিখুঁততাৰে সন্ত্ৰাসবাদী শিবিৰসমূহ ধ্বংস কৰিছিল সেয়া কল্পনাতীত। এই অপাৰেচন সিন্দূৰে ভাৰতক সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত নতুন গতি আৰু সাহস প্ৰদান কৰিব।”

প্ৰধানমন্ত্ৰীয়ে কয়, “অপাৰেচন সিন্দুৰৰ বিৰুদ্ধে সমগ্ৰ দেশ একত্ৰিত। আজি আমি দৃঢ়প্ৰতিজ্ঞ, ক্ষুব্ধ। আজি দেশৰ বহু পৰিয়ালে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজখনক নিজৰ পৰিয়ালৰ অংশ কৰি লৈছে।”

উল্লেখ্য যে, পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ হিচাপে ভাৰতে বিগত সাত মে’ত পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত অভিযান আৰম্ভ কৰিছিল।

ক্ষেপণাস্ত্ৰ আক্ৰমণত উগ্ৰপন্থীৰ আত্মগোপন স্থান ধ্বংস হয়। এই অভিযানত ১০০ৰো অধিক উগ্ৰপন্থী নিহত হয়। আজিৰ ‘ মন কি বাত’ত সেই অভিযানক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে ।

Exit mobile version