Digboi Road Accident:
ডিগবৈত নিশা উল্টাপুলত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত থিতাতে নিহত হয় এজন লোক ৷ নিহত লোকজন ডিগবৈ বেতনিৰ লিনেশ্বৰ মৰাণৰ পুত্ৰ সন্তোষ মৰান বুলি চিনাক্ত কৰা হৈছে ।
প্ৰাপ্ত খবৰ মতে, মটৰ চাইকেলেৰে মাকুম দিশৰ পৰা গৃহাভিমুখী হোৱাৰ পথত এখন মালবাহী বাহনে মহতিয়াই নিয়ে যুৱকজনক। দুৰ্ঘটনাগ্ৰস্থ মটৰচাইকেল খনৰ নম্বৰ এএছ০১-বিএম৩২০৭ ৷ ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত ডিগবৈ আৰক্ষী উপস্থিত হৈ মালবাহী বাহনখন জব্দ কৰাৰ লগতে বাহনখনৰ চালকজনক আটক কৰে । মালবাহী বাহনখনৰ নম্বৰ এএছ১২ চিচি২৮৮৯ ৷
