Dr.Uddhab Bharali: বিশিষ্ট উদ্ভাৱক ড: উদ্ধৱ ভৰালীৰ আন এক চমক

WhatsApp Image 2025 05 27 at 3.53.03 PM

Dr.Uddhab Bharali: বিশিষ্ট উদ্ভাৱক ড: উদ্ধৱ ভৰালীৰ আন এক চমক

ADVERTISEMENT

মগুৰ বাকলি গুচাব পৰা যন্ত্ৰ আৱিষ্কাৰ

১৮১ সংখ্যক আৱিষ্কাৰটি বিনামূলীয়াকৈ আগবঢ়ালে সোণাৰী গাঁৱৰ নামঘৰলৈ

আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিশিষ্ট উদ্ভাৱক ড: উদ্ধৱ ভৰালীয়ে ইটোৰ পিচত সিটোকৈ ন ন আৱিষ্কাৰৰে চমক সৃষ্টি কৰাৰ পাছত শেহতীয়াকৈ আন এক যন্ত্ৰ আৱিষ্কাৰ কৰি সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ৷

বিশিষ্ট উদ্ভাৱক গৰাকীয়ে নিৰ্মাণ কৰি উলিয়াইছে প্ৰসাদ ধোৱা মেচিন ৷ মগুৰ বাকলি গুচাব পৰা এই যন্ত্ৰটোৰ জৰিয়তে ১ মিনিটত ৫ কেজি আৰু ২০ মিনিটত ৫০ কেজি মগুৰ বাকলি গুচাব পৰা যাব ৷

উদ্ধৱ ভৰালীয়ে তেওঁৰ ১৮১ সংখ্যক আৱিষ্কাৰটি (প্ৰসাদ ধোৱা মেচিন) ইতিমধ্যে বিনামূলীয়াকৈ আগবঢ়ালে যোৰহাট জিলাৰ সোণাৰী গাঁৱৰ ১নং পথৰ নামঘৰলৈ ৷ড:ভৰালীয়ে নিজেই নামঘৰত উপস্থিত থাকি প্ৰসাদ ধোৱা মেচিনটোৰে মগু মাহ গুচোৱাৰ পৰীক্ষণ কৰি দেখুৱাই ৷

সোণাৰী গাঁৱৰ ৰাইজে প্ৰসাদ ধোৱা মেচিনটি নামঘৰলৈ আগবঢ়োৱা বাবে ড:উদ্ধৱ ভৰালীলৈ কৃতজ্ঞতা প্ৰকাশ কৰে ৷

Exit mobile version