IPL:অপাৰেচন সিন্দূৰত ভাৰতীয় সেনাই দেখুওৱা বীৰত্বৰ প্ৰতি বিশেষ সন্মান বিচিচিআইৰ

দেশৰ তিনিও সেনা প্ৰধানক জনাব সম্বৰ্ধনা

bcci

IPL:

অপাৰেচন সিন্দূৰত ভাৰতীয় সেনাই দেখুওৱা বীৰত্বৰ প্ৰতি বিশেষ সন্মান বিচিচিআইৰ ৷ গুজৰাটৰ ৰাজধানী চহৰ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অহা ৩ জুনত অনুষ্ঠিত হ’বলগীয়া টাটা আইপিএল২০২৫ ৰ ফাইনেল খেল খনৰ সামৰণি অনুষ্ঠানটি ভাৰতীয় সেনাৰ প্ৰতি উৎসৰ্গাৰ সিদ্ধান্ত হয় দেশৰ ক্ৰিকেটৰ সৰ্বোচ্চ সন্থাটোৱে ৷ আইপিএলৰ সামৰণি অনুষ্ঠানলৈ বিশেষভাৱে আমন্ত্ৰণ জনোৱা হৈছে দেশৰ তিনিও সেনা প্ৰধানক |

উল্লেখ্য যে ইতিমধ্যে সমাপ্ত হৈছে চলিত আইপিএলৰ লীগ পৰ্যায়ৰ খেলসমূহ ৷ পইন্ট তালিকাত শীৰ্ষস্থানত আছে পঞ্জাৱ কিংছ ৷দ্বিতীয় স্থানত আৰচিবি, তৃতীয়ত গুজৰাট আৰু চতুৰ্থ স্থানত আছে মুম্বাই ইণ্ডিয়ানছ ৷ এই দলকেইটাৰ মাজৰ পৰা দুটা দল যাব ফাইনেললৈ ৷

Exit mobile version