Udalguri :
আগন্তুক বিটিচি নিৰ্বাচনত পৰিষদখনৰ ২৫ টা নহয়, ৪০ টা সমষ্টিতে প্রতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে। বড়োভূমিৰ কোনো আঞ্চলিক দলৰে মিত্ৰতাৰ সম্ভাৱনা সম্পূর্ণৰূপে নাকচ কৰি মঙলবাৰে এই কথা ঘোষণা কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই।
উল্লেখ্য যে কিছুদিন পূর্বে মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই আগন্তুক বিটিচি নির্বচনত ২৫ টা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰিছিল। মুখ্যমন্ত্রীৰ এই ঘোষণাৰ পাছতে প্রতিক্রিয়া প্রকাশ কৰি ইউপিপিএলৰ জ্যেষ্ঠ নেতা সাংসদ ৰণগৌৰা নার্জাৰীয়ে বিটিচিৰ সকলো সমষ্টিতে প্রতিদ্বন্দ্বিতা কৰিবলৈ মিত্র দলটোৰ প্রতি প্রত্যাহ্বান জনায়।
তাৰ পাছতে মঙলবাৰে ওদালগুৰিত দলৰ এক সভাত ৰাজ্যিক বিজেপিৰ সভাপতি শইকীয়াই কয়, ‘কেৱল ওদালগুৰিৰ ১০ টা সমষ্টিতে নহয়, আমি বিটিআৰৰ ৪০টা সমষ্টিতে প্রতিদ্বন্দ্বিতা কৰিম। ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বিটিচি অঞ্চলত সংঘাত দূৰ কৰি ভ্ৰাতৃত্ববোধ আৰু মিলা-প্রীতিৰে আগবাঢ়িবলৈ বিচাৰিছে।’ লগতে তেওঁ কাৰো নাম উচ্চাৰণ নকৰাকৈ কয়, ‘বডোফা উপেন্দ্রনাথ ব্ৰহ্মৰ নাম লৈ যদি কোনোবাই বিটিচিত শাসন চলাবলৈ আহে তেন্তে তাক নাকচ কৰিব বিটিআৰবাসীয়ে। আমি বিজেপিয়ে বডোফাৰ আদর্শ আগত ৰাখি বিটিআৰত সেৱা প্ৰদান কৰিবলৈ আহিছো। আগন্তুক নির্বাচনত কোনো ধৰণৰ কম্প্ৰ’মাইজ (আপোচ) নকৰি ৪০ টা সমষ্টিতে নির্বাচন খেলিম।’
স্বাভাৱিকতে বিজেপি সভাপতিজনৰ এই মন্তব্য তাৎপর্যপূর্ণ হৈছে। বিশেষকৈ একালত এবছুক নেতৃত্ব দিয়া প্রমোদ বড়োৰ নেতৃত্বাধীন ইউপিপিএলৰ স’তে বর্তমানেও বিজেপিৰ মিত্ৰতা বৰ্তি থকাৰ সময়তে শইকীয়াই এই মন্তব্য কৰিছে। বিটিচিত কোনো ধৰ্মৰ নামত ৰাজনীতি হ’ব নালাগে বুলিও মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতিজনে। তেওঁ কয়, ‘কোনোবাই আমাক ভাল পালে আমিও ভাল পাম আৰু যদি কোনোবাই আমাক বেয়া পায় আমি কিয় ভাল পাম? অহা দিনকেইটাত ওদালগুৰি জিলাৰ চাৰিওটা বিধানসভা সমষ্টিতে মোৰ সাংসদ পুঁজিৰ আঢ়ৈ কোটি টকাকৈ মুঠ ১০ কোটি টকা দিম।’ ওদালগুৰিত ‘মিছন বিটিআৰ’ আৰম্ভ হ’ল বুলিও তেওঁ ঘোষণা কৰে।
আগন্তুক বিটিচি নির্বাচনত জিলাখনৰ ১০টা পৰিষদীয় সমষ্টিতে জয়ী হোৱাৰ সংকল্পৰে বিজেপি অগ্ৰসৰ হৈছে বুলি তেওঁ মন্তব্য কৰে। জিলাখনৰ প্ৰতিটো বুথতে আৰু প্ৰতিখন গাঁৱতে বিজেপি শক্তিশালী হোৱা বুলি দাবী কৰি শইকীয়াই লগতে কয়, ‘ওদালগুৰি জিলাৰ চাৰিওটা বিধানসভা সমষ্টিতে বিজেপি শক্তিশালী হ’বলৈ ধৰিছে। আমাৰ এই সফলতা ৰাইজৰ প্রতি উৎসর্গা কৰিছো। এই চাৰিওটা সমষ্টিত আমাৰ দলৰ সদস্যৰ সংখ্যা বৃদ্ধি পাই আছে। বিজেপিয়ে প্রতিটো ক্ষেত্রতে নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি আছে। ওদালগুৰি জিলাৰ বিভিন্ন প্রান্তত ৰাজ্য চৰকাৰে পথ, মথাউৰিকে ধৰি বিভিন্ন উন্নয়নমূলক কাম কৰিছে।’ অহা মাহৰ পৰা ওদালগুৰি বিধানসভা সমষ্টিত ৩৫ হেজাৰ আই-মাতৃক অৰুণোদয় আঁচনি প্ৰদানৰ সিদ্ধান্তও আজি গ্রহণ কৰা হয় বুলি শইকীয়াই সদৰী কৰে। তেওঁ লগতে কয় যে অহা আগষ্টৰ পৰা জিলাখনৰ এক লাখ ২০ হেজাৰ আই-মাতৃয়ে অৰুণোদয়ৰ ধন লাভ কৰিব।
উক্ত অনুষ্ঠানৰ পূৰ্বে ওদালগুৰি জিলা আযুক্তৰ কাৰ্যালয়ত জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ এখন সভা অনুষ্ঠিত হয়। সভাত জিলাখনৰ অভিভাৱক মন্ত্রীৰূপে অংশ লৈ মন্ত্রী পীযুষ হাজৰিকাই অৰুণোদয় ৩.০ৰ সফল ৰূপায়ণত গুৰুত্ব আৰোপ কৰে। বৈঠকত মহিলা সবলীকৰণ, দৰিদ্ৰতা নির্মূল আদিৰ বাবে ৰূপায়িত আঁচনিসমূহৰ বিপৰীতে যোগ্য হিতাধিকাৰী বাছনিত গুৰুত্ব আৰোপ কৰা হয়। অৰুণোদয় আঁচনি মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ এক অভিলাষী আঁচনি বুলি উল্লেখ কৰি সভাত মন্ত্রী হাজৰিকাই আঁচনিখনত যোগ্য হিতাধিকাৰী সামৰি লোৱাটো সুনিশ্চিত কৰিবলৈ বিষয়াসকলক নির্দেশ দিয়ে
। এই সভাতে মন্ত্রী হাজৰিকাই ওদালগুৰি জিলাৰ শিল্পী পেন্সন আৰু বার্ষিক শিল্পী সন্মান লাভ কৰা ছগৰাকী শিল্পীক প্ৰমাণপত্ৰ প্ৰদান কৰে। তদুপৰি জিলাখনৰ চাৰিওটা বিধানসভা সমষ্টিৰ এটাকৈ পঞ্জীয়নভুক্ত যুৱ ক্লাবক আর্থিক অনুদানৰ চেক বিতৰণ কৰা হয়। সভাত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, সাংসদ দিলীপ শইকীয়া, বিধায়ক গোবিন্দ্র চন্দ্র বসুমতাৰী, দুর্গাদাস বড়ো, চৰণ বড়ো আদিয়েও অংশ লয়।
