আকবৰে জোধাবাইক বিয়া কৰোৱা নাই ,মিছা কথা লিখা আছে ইতিহাসৰ কিতাপত!

দাবি ৰাজস্থানৰ ৰাজ্যপালৰ 

Rajasthan Governor Haribhau Bagade

Rajasthan: মোগল সম্ৰাট আকবৰে কেতিয়াও জোধাবাইক বিয়া কৰোৱাৰ নাছিল। ইতিহাসৰ কিতাপত “মিছা” কথা লিখা আছে। বুধবাৰে এই দাবী উত্থাপন কৰে ৰাজস্থানৰ ৰাজ্যপাল হৰিবাও বাগাডে। তেওঁৰ এই বক্তব্যৰ পাছতে সৃষ্টি হৈছে বিতৰ্ক।

সম্প্ৰতি ৰাজস্থানৰ উদয়পুৰত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰে বাগাডে।তাত তেওঁ কয়, “কোৱা হয় যে, জোধা আৰু আকবৰৰ বিয়া হৈছিল। এই কাহিনীৰ আধাৰত এখন চিনেমাও নিৰ্মাণ কৰা হৈছিল। ইতিহাসৰ কিতাপতো একে কথাই কোৱা হয়। কিন্তু এইটো মিছা।”

পুৰণি বিতৰ্ক পুনৰ জগাই তুলি ৰাজস্থানৰ ৰাজ্যপালগৰাকীয়ে দাবী কৰিছে যে আকবৰে প্ৰকৃততে অম্বৰৰ ৰজা বৰমালৰ কন্যাক বিয়া কৰাইছিল। প্ৰসংগক্ৰমে সেই সময়ত জয়পুৰৰ সমীপত অম্বৰ আছিল। এই অম্বৰত কাছাৱৰৰ ৰাজপুতসকলে শাসন কৰিছিল।

ৰাজস্থানৰ ৰাজ্যপালগৰাকীয়ে ভুল ইতিহাস দাঙি ধৰাৰ বাবে ব্ৰিটিছক দোষাৰোপ কৰে। তেওঁ কয়, “ব্ৰিটিছে আমাৰ দেশপ্ৰেমিকসকলৰ ইতিহাস সলনি কৰিলে। তেওঁলোকে লিখা ইতিহাস গ্ৰহণযোগ্য নহয়। পাছত দুই এজন ভাৰতীয়ই ইতিহাস লিখিলে। কিন্তু তেওঁলোকো ব্ৰিটিছৰ দ্বাৰা প্ৰভাৱিত।

বাগাডে অৱশ্যে দাবী কৰে যে নতুন জাতীয় শিক্ষা নীতিয়ে ভুলবোৰ শুধৰণি কৰিব আৰু নতুন প্ৰজন্মক দেশৰ সভ্যতা আৰু সংস্কৃতি ৰক্ষাৰ বাবে প্ৰস্তুত কৰিব।

Exit mobile version