সীমান্ত পাৰ হৈ পুনৰ ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা!

পাঠানকোটত গ্ৰেপ্তাৰ পাকিস্তানী অনুপ্ৰৱেশকাৰী

1748599520 bsf punjab

infiltration: পুনৰ ভাৰত-পাক সীমান্তৰ পাৰ হৈ অনুপ্ৰৱেশৰ চেষ্টা। এইবাৰ পঞ্জাৱৰ পাথানকোটত ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনী(BSF) ৰ হাতত গ্ৰেপ্তাৰ হ’ল এজন পাকিস্তানী অনুপ্ৰৱেশকাৰী।

বি এছ এফৰ তৰফৰ পৰা জনোৱা হৈছে,আন্তঃৰাষ্ট্ৰীয় সীমান্তত কাঁইটীয়া তাঁৰ পাৰ হৈ পাকিস্তানৰ পৰা এজন ব্যক্তি প্ৰৱেশ কৰে।তাৰ পাছতেই বিষয়টো সীমান্তৰক্ষী বাহিনীৰ দৃষ্টিগোচৰ হয়।তেওঁৰ গতিবিধি সন্দেহজনক হোৱাত প্ৰথমে তেওঁক আটক কৰা হয়।

পুনৰ প্ৰাৰম্ভিক জেৰাৰ সময়ত সন্তোষজনক উত্তৰ নিদিয়াৰ বাবে অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰা হয়। পাছত বি এছ এফে তেওঁক আৰক্ষীক গতাই দিয়ে। অভিযুক্তক নৰোতে জয়মল সিং থানালৈ লৈ যোৱা হয়।

পহলগাম কাণ্ড আৰু ভাৰত-পাক সামৰিক সংঘৰ্ষৰ পাছত জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত ভাৰত-পাক সীমান্তত নিৰাপত্তা কটকটীয়া কৰা হৈছে।

অনুপ্ৰৱেশ ৰোধ কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে। সীমান্তত সেনাইও বৃদ্ধি কৰিছে চোৰাংচোৱাগিৰি।বিগত এমাহত ভাৰত-পাক সীমান্তত কেবাবাৰো অনুপ্ৰৱেশত আটক কৰিছে বি এছ এফে।

Exit mobile version