অহা সপ্তাহত পাকিস্তানৰ স’তে শুল্ক আলোচনা! ভাৰতৰ স’তে চুক্তি কিমান দূৰ আগবাঢ়িছে প্ৰকাশ ট্ৰাম্পৰ 

1748669659 trade

Donald Trump: অহা সপ্তাহত পাকিস্তানৰ স’তে বাণিজ্যিক আলোচনাত মিলিত হ’ব আমেৰিকা।ঘোষণা কৰে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । এই বিষয়ত আলোচনা কৰিবলৈ অহা সপ্তাহত পাকিস্তানৰ প্ৰতিনিধি আমেৰিকালৈ যাব। ইয়াৰ উপৰিও ভাৰতৰ স’তে বাণিজ্যিক চুক্তি কিমান দূৰ আগবাঢ়িছে সেই বিয়ষয়েও জনাইছে ট্ৰাম্পে ।

শুকুৰবাৰে (আমেৰিকাৰ স্থানীয় সময় অনুসৰি) মেৰিলেণ্ডৰ জইণ্ট বেছ এণ্ড্ৰুজ বায়ুসেনা ঘাটিত তেওঁ সাংবাদিকৰ স’তে এই বিষয়ে কথা পাতে।

যোৱা মাহত আমেৰিকাই বিভিন্ন দেশৰ ওপৰত পাৰস্পৰিক শুল্ক আৰোপ কৰিছিল। যিবোৰ দেশৰ পৰা অহা সামগ্ৰীৰ ওপৰত কিমান শুল্ক আৰোপ কৰা হ’ব তাৰ তালিকা প্ৰকাশ কৰা হৈছিল।

সেই তালিকা অনুসৰি পাকিস্তানী সামগ্ৰীৰ ওপৰত আমেৰিকাৰ শুল্ক ২৯ শতাংশ। এই সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত ট্ৰাম্পে কয় যে অহা সপ্তাহত পাকিস্তানৰ প্ৰতিনিধি আহিব।

ভাৰতৰ প্ৰসংগ উত্থাপন হোৱাত সংক্ষিপ্ত উত্তৰত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কয়,”আপোনালোকে সকলোৱে জানে যে ভাৰতৰ স’তে আমি চুক্তিৰ অতি ওচৰ চাপিছো।’

লগতে তেওঁ কয়, ” দুয়োখন দেশৰ স’তে চুক্তিবদ্ধ হ’বলৈ মোৰ কোনো আগ্ৰহ নাথাকিব যদিহে তেওঁলোকে ইজনে সিজনৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যায়।”

Exit mobile version