বাঢ়িছে কৰ’না আক্রান্তৰ সংখ্যা, কেৰেলাৰ বিদ্যালয়ত জাৰি নতুন নিৰ্দেশনা

kerala corona cover

Kerala: বৰ্তমান নতুনকৈ ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাত কেৰালা চৰকাৰে বিদ্যালয়ৰ বাবে জাৰি কৰিছে নতুন গাইডলাইন । শুকুৰবাৰে কেৰালাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে জাৰি কৰে এক গাইডলাইন।

ADVERTISEMENT

কিন্তু সেই গাইডলাইনত কি কোৱা হৈছে?

যিসকল ছাত্ৰ-ছাত্ৰীৰ ক’ভিডৰ কোনো লক্ষণ, যেনে জ্বৰ, চৰ্দি, কাহ, বা আন কোনো লক্ষণ দেখা যায় তেওঁলোকক বিদ্যালয়লৈ পঠোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

বিগত ২৬ মে’ত মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই ক’ভিড পৰিস্থিতি সন্দৰ্ভত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে। ইয়াৰ পাছতে এই গাইডলাইন স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে জাৰি কৰে।

শুকুৰবাৰে জাৰি কৰা গাইডলাইনত অভিভাৱকসকলক কোৱা হৈছে যে,””ছাত্ৰ-ছাত্ৰীৰ যদি কোনো লক্ষণ দেখা দিয়ে তেন্তে তেওঁলোকক স্কুললৈ পঠিয়াব নালাগে। অতি সোনকালে চিকিৎসকৰ পৰামৰ্শ লওক আৰু চিকিৎসা আৰম্ভ কৰক।”

ইফালে, জ্বৰ, চৰ্দি, আৰু অন্যান্য লক্ষণৰ স’তে বিদ্যালয়লৈ আহিলে ছাত্ৰ-ছাত্ৰীক ঘৰলৈ পঠোৱাৰ ব্যৱস্থা কৰিবলৈ বিদ্যালয়সমূহক নিৰ্দেশ দিয়া হৈছে। স্বাস্থ্য বিভাগে আৰু জনাইছে, বিদ্যালয়ৰ শিক্ষক আৰু কৰ্মচাৰীৰ যদি ক’ভিডৰ লক্ষণ দেখা দিয়ে তেন্তে তেওঁলোককো উপযুক্ত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে।

Exit mobile version