ৰাছিয়াই আক্ৰমণ বন্ধ নকৰিলে অব্যাহত থাকিব ড্ৰোন আক্ৰমণ!

শান্তি বৈঠকৰ পাছত সকীয়াই দিলে জেলেনস্কিয়ে!

1748925358 putin zelensky

Russia Ukraine Conflict:ৰাছিয়ালৈ ড্ৰ’ন প্ৰেৰণ কৰি দেশখনৰ পাঁচটা বিমান ঘাটিত নিয়োজিত ৪১টা বোমাৰু বিমান ধ্বংস কৰিছে ইউক্ৰেইনে। আকস্মিক ইউক্ৰেইনৰ এই আক্ৰমণে সাড়ে তিনি বছৰীয়া যুদ্ধৰ গতিপথ সলনি কৰিব নেকি সেই সন্দৰ্ভত ইতিমধ্যে আলোচনা আৰম্ভ হৈছে।

এই পৰিৱেশত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে সোমবাৰে সংবাদ মাধ্যমৰ সন্মুখীন হৈ সকীয়াই দিয়ে যে যদি ৰাছিয়াই ইউক্ৰেইনক আক্ৰমণ কৰা বন্ধ নকৰে তেন্তে তেওঁলোকেও ড্ৰ’ন আক্ৰমণ অব্যাহত ৰাখিব।

সোমবাৰে আমেৰিকাৰ মধ্যস্থতাত তুৰস্কত বৈঠকত বহিছিল ৰাছিয়া আৰু ইউক্ৰেইন। বৈঠকত বন্দী আৰু মৃত সৈনিকৰ মৃতদেহ বিনিময়ৰ ক্ষেত্ৰত দুয়োপক্ষই এক দৃঢ় সিদ্ধান্তত উপনীত হ’ব নোৱাৰিলে। বৈঠকৰ পূৰ্বে ইউক্ৰেইনে সংঘাতৰ অন্ত পেলাবলৈ কেবাটাও চৰ্ত দাখিল কৰিছিল।

ৰাছিয়াই অৱশ্যে বৈঠকৰ সময়ত নিজৰ চৰ্তসমূহ দাঙি ধৰে। ইউক্ৰেইনৰ প্ৰতিনিধিয়ে কয় যে তেওঁলোকে সেই চৰ্তসমূহ পুনৰীক্ষণ কৰি এসপ্তাহৰ পাছত নিজৰ সিদ্ধান্ত ঘোষণা কৰিব।

দুয়োখন দেশৰ প্ৰতিনিধিৰ মাজত হোৱা বৈঠকৰ অন্তত ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থাই মস্কোৱে দাখিল কৰা চৰ্তসমূহ ফাদিল কৰে।

ইয়াৰ ভিতৰত আছিল ৰাছিয়ান সৈন্যই দখল কৰা ইউক্ৰেইনৰ ভূখণ্ড মস্কোক গতাই দিয়া আৰু ৰাছিয়ান ভাষাক ইউক্ৰেইনৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া।স্বাভাৱিকতে ইউক্ৰেইনে এই দাবী নাকচ কৰিছে।

ইফালে শান্তি আলোচনাৰ মাজতে ৰাছিয়াই পূব ইউৰোপত বিমান আক্ৰমণ অব্যাহত ৰাখিছে। ৰাছিয়াৰ সীমান্তৰ ওচৰৰ ক্ৰমাটৰ্স্কত এজন লোকৰ মৃত্যু হয়। আহত দুজন। ইলিনিভকাত নিহত হয় দুজন।

ইউক্ৰেইনৰ খাৰকিভ অঞ্চলত দুগৰাকী মহিলাৰ মৃত্যু। ইউক্ৰেইনৰ দাবী যে ৰাছিয়াই প্ৰতিদিনে ইউক্ৰেইনক আক্ৰমণ কৰিছে। আক্ৰমণ বন্ধ নহ’লে কিয়েভে কঠোৰ ব্যৱস্থা গ্ৰহণৰ ইংগিত দিছে। এই বিষয়ত জেলেনস্কিয়েও আমেৰিকাৰ হস্তক্ষেপ বিচাৰিছে।

তেওঁ কয়,”আমি আমেৰিকাৰ পৰা কঠোৰ ব্যৱস্থাৰ বাবে অপেক্ষা কৰিছো।মই ভাবো (ড’নাল্ড) ট্ৰাম্পে (ৰাছিয়াৰ ওপৰত) নিষেধাজ্ঞা আৰোপ কৰাটো সমৰ্থন কৰিব আৰু পুটিনক যুদ্ধ বন্ধ কৰিবলৈ বাধ্য কৰিব।

Exit mobile version