Covid: দেশত বৃদ্ধি পাইছে কৰ’না সংক্ৰমণক । যাক লৈ এতিয়া বাঢ়িছে উদ্বেগ। যোৱা ২৪ ঘন্টাত দেশত কৰ’না আক্ৰান্তৰ সংখ্যা ৪,৩০২ লৈ বৃদ্ধি পাইছে। মৃত্যুৰ সংখ্যাও আতংকজনক।
তথ্য অনুসৰি,এদিনতে দেশত ক’ভিড (Covid) ৰ বাবে নতুনকৈ সাতজন লোকৰ মৃত্যু হৈছে।
দেশৰ ভিতৰতে সৰ্বাধিক কৰ’না আক্ৰান্ত লোকৰ সংখ্যা কেৰালাত। এদিনতে কেৰালাত ১৩৭৩ জন লোক নতুনকৈ আক্ৰান্ত হৈছে।
ইয়াৰ পাছত মহাৰাষ্ট্ৰত ৫১০জন লোক আক্ৰান্ত হয়। গুজৰাটত আক্ৰান্তৰ সংখ্যা ৪৬১ জন।দিল্লীত এদিনতে ৪৫৭ জন লোক ক’ৰ’নাত আক্ৰান্ত হয়।
