ষ্টীল-এলুমিনিয়ামত ৫০ শতাংশ শুল্ক, ট্ৰাম্পৰ সিদ্ধান্তত বিপদত ভাৰতীয় সংস্থা!

images 5 1

Donald Trump:আজিৰে পৰা ষ্টীল আৰু এলুমিনিয়াম আমদানিৰ ওপৰত দুগুণ শুল্ক বৃদ্ধি কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। আজিৰ পৰা বহিঃৰাজ্যৰ পৰা এই ধাতুসমূহৰ যিকোনো আমদানি কৰিলে ৫০ শতাংশ শুল্ক পৰিশোধ কৰিব লাগিব।

আমেৰিকাৰ কোম্পানীসমূহৰ স্বাৰ্থ ৰক্ষাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি দাবী ।ট্ৰাম্পৰ এই পদক্ষেপক পাছতে কেবাটাও ষ্টীল আৰু এলুমিনিয়াম কোম্পানীৰ শ্বেয়াৰত ব্যাপক ক্ষতি হয়।

বিগত ৩০ মে’ত পেনচিলভেনিয়া ভ্ৰমণৰ সময়ত ড’নাল্ড ট্ৰাম্পে ষ্টীল শ্ৰমিকৰ স’তে সাক্ষাৎ কৰিছিল। তাতে তেওঁ দেশলৈ ষ্টীল আমদানিৰ ওপৰত শুল্ক দুগুণ কৰাৰ কথা ঘোষণা কৰে।

ইয়াৰ পাছতে তেওঁ ছ’চিয়েল মিডিয়া যোগে ঘোষণা কৰে যে ষ্টীল আৰু এলুমিনিয়াম আমদানিৰ ওপৰত শুল্ক ৫০ শতাংশ হ’ব।

অৱশ্যে বাকী দেশসমূহৰ বাবে এই সামগ্ৰীৰ আমদানিৰ শুল্ক ৫০ শতাংশ হ’লেও বিগত মাহত স্বাক্ষৰিত আমেৰিকা-ব্ৰিটেইনৰ বাণিজ্যিক চুক্তিৰ বাবে ব্ৰিটেইনৰ বাবে এই শুল্ক ২৫ শতাংশ হ’ব।

ইফালে ড’নাল্ড ট্ৰাম্পৰ এই পদক্ষেপে ভাৰতৰ ষ্টীল আৰু এলুমিনিয়ামৰ বজাৰত বৃহৎ ক্ষতি কৰিছে । ভাৰতীয় ষ্টীল আৰু এলুমিনিয়ামৰ এক বৃহৎ অংশ আমেৰিকালৈ ৰপ্তানি কৰা হয়।

ইয়াৰ বাবেই আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ঘোষণাৰ পিছদিনা যোৱা সোমবাৰে দেশখনৰ ষ্টীল খণ্ডই এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হয়, ভাৰতীয় কোম্পানী জে এছ ডব্লিউ ষ্টীল, চেইল, টাটা ষ্টীল, বেদান্তাকে ধৰি কেবাটাও কোম্পানীৰ শ্বেয়াৰ হ্ৰাস পাবলৈ আৰম্ভ কৰে।

Exit mobile version