২১ মাহলৈ চলিব নাচিকত কুম্ভ মেলা! প্ৰস্তুতি আৰম্ভ

images 13

Kumbh Mela:কিছু মাহ পূৰ্বে প্ৰয়াগৰাজত শেষ হৈছিল মহাকুম্ভ মেলা। ইয়াৰ মাজতে পৰৱৰ্তী কুম্ভ মেলাৰ প্ৰস্তুতি আৰম্ভ হৈছে। অহা বছৰ মহাৰাষ্ট্ৰৰ নাচিকত অনুষ্ঠিত হ’ব কুম্ভ মেলা।

ADVERTISEMENT

এই কুম্ভ মেলা অৱশ্যে মহাকুম্ভ নহয়, সিংহস্থ কুম্ভ মেলাহে। নাচিক আৰু ত্ৰিম্বকেশ্বৰত অনুষ্ঠিত হ’ব সিংহস্থ কুম্ভ মেলা।

২০২৬ চনৰ ৩১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব এই মেলা।সেইদিনা পতাকা উত্তোলনেৰে আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব কুম্ভ মেলা-২০২৬।

এইবাৰ ২১ মাহ ধৰি চলি থাকিব কুম্ভ মেলা। ২০২৮ চনৰ ২৪ জুলাইত পতাকা নমাই আনুষ্ঠানিকভাৱে সমাপ্ত হ’ব এই মেলা।

হিন্দু ধৰ্মত কুম্ভমেলাৰ গুৰুত্ব অপৰিসীম। কুম্ভমেলাৰ বিশেষ দিনটোত পবিত্ৰ স্নান কৰিলে পাপৰ বোজাৰ পৰা মুক্ত হ’ব পাৰে বুলি বিশ্বাস কৰা হয়। এই মেলা কেৱল হিন্দু ধৰ্মীয় অনুষ্ঠানেই নহয়, এই মেলা লক্ষাধিক লোকৰ মিলনস্থলীও।

১২ বছৰৰ মূৰে মূৰে এবাৰকৈ অনুষ্ঠিত হয় সিংহস্থ কুম্ভ। পৰম্পৰাগতভাৱে প্ৰয়াগৰাজ, হৰিদ্বাৰ, নাচিক-ত্ৰিম্বকেশ্বৰ আৰু উজ্জয়িনত কুম্ভ মেলা অনুষ্ঠিত হয়।

তাৰ ভিতৰত সিংহস্থ কুম্ভ মেলা কেৱল নাচিক আৰু উজ্জয়িনতহে অনুষ্ঠিত হয়। বৃহস্পতি সিংহ ৰাশি অৱস্থান কৰিলে এই কুম্ভ মেলা হয়।সেইবাবেই ইয়াক সিংহস্থ কুম্ভ বুলি কোৱা হয়।

Exit mobile version