প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

ব্ৰেকফাষ্টত কি খাব লাগে ?

images 10 1

Breakfast:ব্রেকফাষ্ট বা পুৱাৰ আহাৰত লঘু আৰু প্ৰ’টিন সমৃদ্ধ খাদ্য খাব লাগে। গৰমত যিমান লঘু খাদ্য খাব সিমানেই ভাল। অৱশ্যে দিনৰ আৰম্ভণিতে প্ৰ’টিন খাদ্য খাব লাগিব। ব্রেকফাষ্টত প্র’টিন থাকিলে পেটটো দীর্ঘদিন ধৰি ভৰি থাকে, কাম কৰিবলৈ শক্তি প্রদান কৰে আৰু সহজে ওজন কমোৱাত সহায় কৰে। কিন্তু প্ৰ’টিনৰ অৰ্থ এইটো নহয় যে ব্রেকফাষ্টত মাছ, মাংস বা মচুৰ দাইল আৰু সৰিয়হ তেল খাব লাগিব। বৰঞ্চ ব্রেকফাষ্টত লঘু আৰু প্ৰ’টিন খাদ্য খাব লাগে। ইয়াত এনে ধৰণৰ চাৰিটা খাদ্যৰ বিষয়ে উল্লেখ কৰা হৈছে।

ADVERTISEMENT

অটমিল আৰু শণৰ বীজ

অটচত প্ৰচুৰ পৰিমাণে প্ৰ’টিন আৰু আঁহ থাকে আৰু শণৰ গুটিত ওমেগা-৩ ফেটি এচিড থাকে। এই খাদ্য আপুনি দৈ আৰু কল, ক্লবেৰী আদি ফলৰ স’তে খাব পাৰে। দৈ আৰু কলত প্র’টিন থাকে। এই খাদ্যই কেরল ওজন কমোৱাই নহয় শৰীৰৰ প্রদাহো কমায়।

 

কণী

কণীৰ দৰে পুষ্টিকৰ খাদ্য খুব কম। ব্রেকফাষ্টত সিজোৱা কণী, পচড কণী, অমলেট আদি বনাব পাৰে। ভজা কণী খালেও তাত বিন আৰু বিলাহী মিহলাই অধিক পুষ্টিকৰ কৰি তুলিব পাৰি।

চিৰা

চিৰা অতি জনপ্রিয় এক জলপান। এই খাদ্য টেঙা দৈ, আলমণ্ড, চিয়া গুটি, কল আদিব লগত মিহলাই দিলে ইয়াৰ পুষ্টি আৰু বৃদ্ধি পায়। ইয়াৰ উপৰি বিভিন্ন শাক-পাচলিৰে পোহা বনাব পাৰি।

 

টেঙা দৈ আৰু ফলমূল

ব্রেকফাষ্টত টেঙা দৈ খালে যথেষ্ট উপকাৰ পোৱা যায়। এই খাদ্যত প্র’টিন, কেলচিয়াম, প্র’বায়’টিক থাকে। টেঙা দৈয়ে অন্ত্র, পাচনতন্ত্র, হাড়ৰ স্বাস্থ্যৰ যত্ন লয়। ইয়াৰ উপৰি ই কলেষ্টেৰ’ল নিয়ন্ত্ৰণ কৰে আৰু ওজন কমায়। টেঙা দৈৰ লগত চিৰা মিহলাই খাব পাৰে।

Exit mobile version