জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

images

খাদ্য তৈয়াৰ কৰিবলৈ আৰু খাদ্যৰ স্বাদ বৃদ্ধি কৰিবলৈ আমি নানা ধৰণৰ মছলা ব্যৱহাৰ কৰো। আমি ব্যৱহাৰ কৰা এইবোৰ মছলাত আছে চমৎকাৰ ঔষধিগুণ। মছলাই কেৱল খাদ্যৰ স্বাদ আৰু ঘ্রাণেই নকৰে, লগতে সাধাৰণ ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু মেটাবলিজমো বৃদ্ধি কৰে। ফলত বহু মছলাই আমাৰ ওজন নিয়ন্ত্রণতো বিশেষভাৱে সহায় কৰে। কি কি মছলাই ওজন হ্রাসত সহায় কৰে জানেনে?

ADVERTISEMENT

 

জিৰা

বদহজম, পেট ফোলা আৰু খোৱাত অৰুচি সমস্যাত জিৰা অতি উপকাৰী। অৰ্শৰোগৰ সমস্যাত মিছিৰিৰ স’তে জিৰা মিহলাই খালে উপকাৰ পোৱা যায়। নিয়মিতৰূপে জিা খালে ওজন কমে। বেছি খাদ্য খোৱাৰ ফলত হোৱা অস্বস্তিৰ পৰা জিৰা-পানীয়ে সকাহ দিয়ে।

ইলাচি

ইলাচিত আছে টর্পিন, টপিনিনোল, ছিনিওল, এচিটেট, টপিনিল আদি নানা ধৰণৰ ৰাসায়নিক উপাদান। এই সকলোবোৰ উপাদান শৰীৰৰ চর্বি নাশত অতিশয় উপকাৰী। ফলত শৰীৰত অতিৰিক্ত চর্বি জমা হ’ব নোৱাৰে।

 

চফগুটি

যিকোনো বিয়া-সবাহত তামোলৰ স’তে চফগুটি দিয়াৰ পৰম্পৰা আছে। এই চফগুটি আমাৰ পাচনতন্ত্ৰৰ বাবে অতি উপকাৰী। ই যকৃতৰ সুস্থতাৰ বাবেও উপকাৰী। ইয়াৰ উপৰি চফগুটি মাউথ ফ্ৰেশ্বনাৰ ৰূপেও অতি কাৰ্যকৰী। এইবিধ মছলাই ক্ষুধাবোধ হ্রাস কৰে। ফলত স্বাভাৱিকভাবে ওজন নিয়ন্ত্রণত থাকে।

দালচিনি

ওজন কমোৱাত দালচিনিও অতি কাৰ্যকৰী। দালচিনি নিয়মিতৰূপে খালে ক্ষুধাৰ তাড়না কমে। কেৱল সেয়াই নহয়, দালচিনিয়ে শৰীৰত জমা হোৱা মেদ নাশ কৰাতো সহায় কৰে। শৰীৰৰ শৰ্কৰাৰ মাত্রা নিয়ন্ত্রণত ৰখাত সহায় কৰে। সেয়ে মধুমেহৰ ৰোগীৰ বাবে দালচিনি অতি উপকাৰী। ইয়াৰ উপৰি পেটৰ ৰোগ, ইনফ্লুৱেঞ্জা, টাইফয়েড, যক্ষ্মা আৰু কৰ্কট প্ৰতিৰোধতো দালচিনি অতি কাৰ্যকৰী।

কেঁচা জলকীয়া

কেঁচা জলকীয়াত থাকে একজেলিক এচিড, কিউনিক এচিড, এমিন’ এচিড, এস্কার্বিক এচিড, চিকিমিক এচিড, ফ’লিক এচিড, চাইট্রিক এচিড, মেলিক এচিড, মেলানিক এচিড, আলফা-এমিৰন, কেন্সিডিনা, কেৰ’টিন্স, ক্রিপ্টোকেনচিন, ফ্লেভনয়েড্‌ছ প্রভৃতি। এইবোৰ উপাদানে শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰখাত সহায় কৰে। লগতে কেঁচা জলকীয়াৰ কেপচিচিন উপাদানে ক্ষুধাও নিয়ন্ত্ৰণ কৰে। গৱেষণাত দেখা গৈছে যে কেঁচা জলকীয়াই মেটাবলিজম বৃদ্ধি কৰি অতিৰিক্ত কেলৰি নাশ কৰাত সাহায্য কৰে।

হালধি

হালধিক অন্যতম মহৌষধি বুলিয়ে কোৱা হয়। হালধিৰ বিশেষ গুণটো হৈছে ই চর্বি কোষ সৃষ্টি হ’বলৈ নিদিয়ে। ফলত ওজন নিয়ন্ত্রণত থাকে।

আদা

আদাতো অনেক ঔষধি গুণ আছে। পেট পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত আদা অতি উপকাৰী। ই পাচনতন্ত্রত জমা হৈ থকা খাদ্য পৰিষ্কাৰ কৰি দিয়াৰ ফলত চর্বি জমা হ’ব নোৱাৰে। চর্বি জমা নহ’লে স্বাভাৱিকৰূপেই ওজন নিয়ন্ত্রণত থাকিব। ইয়াৰ উপৰি আদাৰ ৰসে শৰীৰত জমা হৈ থকা চর্বি দূৰ কৰাতো সহায় কৰে।

Exit mobile version