Agp Rs Candidate Birendra Prasad baishya:অগপৰ ৰাজ্যসভাৰ প্ৰাৰ্থীৰ নাম চূড়ান্ত

পুনৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যকে প্ৰাৰ্থীত্ব প্ৰদান

birendra

Agp Rs Candidate Birendra Prasad baishya:

অৱশেষত অগপৰ ৰাজ্যসভাৰ প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰা হয় ৷ যোৱা নিশা অগপৰ সভাপতি অতুল বৰা সহ জ্যেষ্ঠ অগপ নেতাৰ মাৰাথন বৈঠককৰ পাচত পুনৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যকে প্ৰাৰ্থীত্ব প্ৰদান কৰে ৷ অগপত বিদ্ৰোহৰ সূচনা হোৱাৰ আশংকাতে ততাতৈয়াকৈ লয় এই সিদ্ধান্ত। প্রার্থিত্বৰ বাবে আবেদন কৰিছিল মুঠ ২৭ গৰাকী প্রার্থীয়ে ।

ADVERTISEMENT

উল্লেখ্য যে,ৰাজ্যসভাৰ আসনখনত খামোচ মাৰি থকা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক এইবাৰ অগপৰ নেতৃত্বই প্রার্থিত্ব দিয়াৰ পক্ষপাতী নাছিল। তাকে লৈ বৈশ্যই দলৰ মজিয়াত একপ্ৰকাৰ হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে বুলি চর্চা চলিছে। তেৱেই এইবাৰো প্রার্থী হ’বই বুলি খুঁটি পুতি বহে। ফলস্বৰূপে নিশা অনুষ্ঠিত দলটোৰ বৈঠকত বৈশ্যৰ নাম চূড়ান্ত কৰা হয়।

অৱশ্যে চৰ্তসাপেক্ষেহে বৈশ্যক প্রার্থী প্রক্ষেপৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি, বৈশ্য দুবছৰ সাংসদ হৈ থাকিব। তাৰ পাছত তেওঁ পদ এৰিব লাগিব। ৰাজ্যসভাৰ এজন সাংসদৰ কাৰ্যকাল হ’ল ছবছৰ। গতিকে বৈশ্যৰ পৰৱৰ্তী চাৰি বছৰত দলৰ আন এজন নেতা সংসদলৈ যাব ৷

Exit mobile version