Exceptional market for women:ক’ত আছে ঔষধি গুণযুক্ত শাক-পাচলিৰে পৰিপূৰ্ণ গাঁৱলীয়া মহিলাৰ ব্যতিক্ৰমী বজাৰ খন

rode side

Exceptional market for women:

ঔষধি গুণ সম্পন্ন শাক-পাচলিৰে পৰিপূৰ্ণ এখন মহিলাৰ বজাৰ আছে উজনি অসমত ৷ । ঘৰুৱা বন শাককে ধৰি পাচলিৰে উভৈনদী গাঁৱলীয়া মহিলাৰ এই ব্যতিক্রমী বজাৰখনে সম্প্রতি দৃষ্টি আকৰ্ষণ কৰে সকলোৰে। গাঁৱলীয়া – মহিলাই পদপথৰ কাযত প্রতিদিনেই অব্যাহত ৰাখিছে – উক্ত শাক-পাচলিৰ এই বজাৰখন। বজাৰ খন আছে গোলাঘাটত ৷

ADVERTISEMENT

ঢেঁকীয়া, ছকলতি, মছন্দৰী, – মানিমুনি, চেংমৰা, নৰসিংহ, ভেদাইলতা, মাটিকাদুৰি, মৰিছা, খুটুৰা, মৰাপাট, টেঙামৰা, ব্রাহ্মি, কচু, কচুলতি, বেতৰ গাজ, বাঁহৰ গাজ, লফা, পালেং, লাও আগ, – পচলা, কলডিল, ভেকুৰী আদি বিভিন্ন ঔষধিযুক্ত শাক-পাচলিৰে মানৱ শৰীৰৰ বাবে অতি উপযোগী সকলোখিনিৰ চাহিদা পূৰণ কৰিব পৰা মহিলাসকলৰ ব্যতিক্ৰমী বজাৰখনলৈ প্ৰতিদিনেই বিভিন্ন ঠাইৰ পৰা আগমন ঘটে ৰাইজৰ।

বজাৰত সাধাৰণতে নোপোৱা শাক-পাচলি লাভ কৰে মহিলাৰ এই বজাৰখনত। বজাৰখনত পোৱা যায় ঘৰুৱা ৰঙালাও, জাতিলাও, বিলাহী, কোমোৰা, কাচকল, জাহাজী কল ৷

Exit mobile version