কেৰালাৰ উপকূলত ছিংগাপুৰৰ জাহাজত বিস্ফোৰণ! 

1749459421 cargo ship

Kerala Ship Explosion: কেৰালাৰ উপকূলত ছিংগাপুৰৰ জাহাজত বিস্ফোৰণ।তথ্য লাভ কৰিয়ে তৎপৰ ভাৰতীয় নৌসেনাৰ। ঘটনাস্থলীত উপস্থিত হয় ভাৰতীয় যুদ্ধ জাহাজ আইএনএছ ছুৰাট।প্ৰেৰণ কৰা হৈছে নৌসেনাৰ বিমানো ।

সোমবাৰে পুৱা সংঘটিত হয় এই ঘটনা। বিস্ফোৰণ হোৱা ছিংগাপুৰৰ মালবাহী জাহাজখনৰ নাম এম ভি ৱান হাই ৫০৩।সংবাদ সংস্থাৰ মতে, ২৭০ মিটাৰ দৈৰ্ঘ্যৰ এই জাহাজখন শ্ৰীলংকাৰ কলম্বোৰ পৰা বিগত সাতজুনত মুম্বাই অভিমুখে গৈছিল।

১০ জুনত অৰ্থাৎ মঙলবাৰে তাত উপস্থিত হোৱাৰ কথা আছিল। ইয়াৰ পূৰ্বে কেৰালাৰ উপকূলত সংঘটিত হৈছিল এই বিস্ফোৰণ।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এগৰাকী বিষয়াই জনোৱা মতে, সোমবাৰে পুৱা প্ৰায় ১০বাজি ৩০ মিনিটত ছিংগাপুৰৰ জাহাজখনত সংঘটিত হোৱা বিস্ফোৰণৰ তথ্য মুম্বাইৰ মেৰিটাইম অপাৰেচন চেণ্টাৰে লাভ কৰে।

তেওঁলোকে বিষয়টো কোচিৰ কাৰ্যালয়ক অৱগত কৰে। ইয়াৰ পাছতে ভাৰতীয় নৌসেনাই তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰে।

প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে, তথ্য লাভ কৰাৰ লগে লগে ভাৰতীয় যুদ্ধ জাহাজ আই এন এছ ছুৰাটক সেই স্থানলৈ প্ৰেৰণ কৰা হয়।

Exit mobile version