গোটেই বিশ্বই এতিয়া সত্যটো জানে’, আমেৰিকাৰ ভ্ৰমণৰ অন্ত পেলাই থাৰুৰ বাৰ্তা

IMG 20250609 141413

Shashi Tharoor: আমাৰ এই ভ্ৰমণৰ মূল উদ্দেশ্য সফল হৈছে। সমগ্ৰ বিশ্বই এতিয়া সত্যটো জানে। আমেৰিকা ভ্ৰমণৰ সামৰণি মাৰি এই এই বাৰ্তা কংগ্ৰেছৰ সাংসদ তথা ভাৰতীয় প্ৰতিনিধি দলৰ অন্যতম সদস্য শশী থাৰুৰ।

ADVERTISEMENT

তিনিদিনীয়া ৱাশ্বিংটন ভ্ৰমণৰ সময়ত থাৰুৰৰ নেতৃত্বত প্ৰতিনিধি দলটোৱে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স আৰু উপ-বিদেশ মন্ত্ৰী ক্রিষ্টোফাৰ লাণ্ডাউৰ স’তে উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়।

থাৰুৰে বৈঠকত পাকিস্তানে সন্ত্ৰাসবাদক কেনেদৰে সমৰ্থন কৰিছে আৰু সন্ত্ৰাসবাদ সন্দৰ্ভত ভাৰতৰ স্থিতিৰ ওপৰত আলোকপাত কৰে। সংবাদ মাধ্যমক সম্বোধন কৰি কংগ্ৰেছ সাংসদগৰাকীয়ে কয়, “আমাৰ বৈঠক ফলপ্ৰসূ আছিল। ভ্যান্সে পহলগাম আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে।সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতি আৰু অভিযানকো তেওঁ সম্পূৰ্ণৰূপে সমৰ্থন কৰিছে।”

ভ্ৰমণৰ পাছত থাৰুৰে নিজৰ এক্স হেণ্ডেলত লিখিছে, “মই মোৰ গৃহভূমি আৰু বিদেশৰ সকলো ভাৰতীয়ৰ প্ৰতি মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিছো। আপোনালোকে আমাৰ কথা মুকলি মনেৰে শুনিছে। আপোনালোকে বুজি পাইছে যে ভাৰত সদায় শান্তিৰ বাবে। জয় হিন্দ।”

আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ টেমি ব্ৰুছে কয়,”আমেৰিকাই ভাৰতৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে। আগন্তুক দিনতো দুয়োখন দেশে সন্ত্ৰাসবাদৰ অন্ত পেলোৱাৰ বাবে একেলগে কাম কৰি যাব।”

পহলগাম আক্ৰমণ আৰু ভাৰত-পাক সংঘৰ্ষৰ পাছত সৰ্বদলীয় সংসদীয় প্ৰতিনিধিয়ে ৰাছিয়া, জাপান, দক্ষিণ কোৰিয়া, ইণ্ডোনেছিয়া, বাহৰেইন, কুৱেইট, আলজেৰিয়া, গায়ানা, পানামা, কলম্বিয়া, ব্ৰাজিল, আমেৰিকা আদি দেশলৈ ভাৰতৰ বাৰ্তা প্ৰেৰণ কৰিছে।

সূত্ৰ অনুসৰি সংসদীয় প্ৰতিনিধিসকলে দেশলৈ উভতি অহাৰ লগে লগে প্ৰধানমন্ত্ৰীৰ স’তে হোৱা বৈঠকত ৩৩খন দেশ ভ্ৰমণৰ পৰ্যালোচনা কৰিব।

Exit mobile version