প্ৰাচীন চীনা ঔষধ তৈয়াৰত ব্যৱহাৰ হয় গাধৰ চামৰা 

হোৰাহোৰে বৃদ্ধি পাইছে গাধৰ দাম 

images 3 1

Donkey:হঠাৎ পাকিস্তানত হোৰাহোৰে বৃদ্ধি পাবলৈ ধৰিছে গাধৰ মূল্য। স্বাভাৱিকতে ইয়াক লৈ চর্চা বৃদ্ধি পাইছে। কাৰণ পাকিস্তানৰ স’তে চীনৰ বন্ধুত্বপূর্ণ সম্পর্ক আছে। চীনে পাকিস্তানৰ পৰা বৃহৎ হাৰত গাধ ক্ৰয় কৰিবলৈ লোৱাৰ পৰিপ্ৰেক্ষিতত দেশখনত গাধৰ চাহিদা হঠাৎ ব্যাপক হাৰত বৃদ্ধি পোৱা বুলি চর্চিত হৈছে।

ADVERTISEMENT

গতিকে পাকিস্তানে গাধৰ মূল্য বৃদ্ধি কৰিছে। বিশেষজ্ঞসকলৰ মতে, প্রাচীন চীনা ঔষধ তৈয়াৰত গাধৰ চামৰাৰ প্ৰয়োজন। দেশখনত এনে ঔষধৰ জনপ্ৰিয়তা প্ৰচুৰ। তাৰ প্ৰতি লক্ষ্য ৰাখি চীনে বৃহৎ হাৰত পাকিস্তানৰ পৰা গাধ ক্ৰয় কৰিবলৈ লোৱা বুলি চর্চিত হৈছে। ইয়াক লৈ পাকিস্তানৰ বহু লোক চিন্তিত হৈছে।

কাৰণ তেওঁলোকে বয়-বস্তু পৰিবহণত গাধ ব্যৱহাৰ কৰে। এটা সংবাদ সংস্থাৰ বাতৰি অনুসৰি কিছু বছৰ আগলৈকে দেশখনত একোটা গাধৰ দাম ৩০ হেজাৰ টকা আছিল। সম্প্রতি এনে একোটা গাধৰ দাম দুই লক্ষ টকাৰো অধিক হৈছে।

দেশখনৰ সৰ্ববৃহৎ গাধৰ বজাৰখন কৰাচীত অৱস্থিত। কৰাচীৰ এই বজাৰত একোটা স্বাস্থ্যবান গাধৰ মূল্য পাকিস্তানী মুদ্রাত এক লক্ষ ৫৫ হেজাৰ টকা। আনহাতে, গাধৰ সংখ্যাৰ দিশৰ পৰা বিশ্বৰ ভিতৰত পাকিস্তানতে সর্বাধিক সংখ্যক গাধ আছে।

এই ক্ষেত্রত প্রথম স্থানত ইথিওপিয়া আৰু দ্বিতীয় স্থানত ছুডান আছে। পাকিস্তানৰ পৰিসংখ্যা দপ্তৰৰ তথ্য অনুসৰি যোৱা বছৰৰ তুলনাত এইবাৰ দেশখনত গাধৰ সংখ্যা এক লাখ ন হেজাৰ বৃদ্ধি পায়। তৎসত্ত্বেও দেশখনত বৃহৎ হাৰত গাধৰ মূল্য বৃদ্ধি পাইছে।

সূত্ৰৰ মতে, চীনে ক্লান্তিনাশক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে ব্যৱহাৰ কৰা ঔষধ তৈয়াৰত গাধৰ চামৰা ব্যৱহাৰ কৰে।ইয়াৰ বিপৰীতে পাকিস্তানত কৃষিকার্য, সা-সামগ্ৰী পৰিবহণ আদিত গাধ ব্যৱহাৰ কৰা হয়। চীনে পাকিস্তানৰ পৰা ব্যাপক হাৰত গাধ ক্ৰয় কৰিবলৈ লোৱাৰ কথা দেশখনৰ খাইবাৰ পাখতুনখাৱা প্ৰদেশৰ পশু আৰু দুগ্ধ উন্নয়ন বিভাগৰ সঞ্চালক আছাল খানেও প্রকাশ কৰিছে।

সংবাদ মাধ্যমৰ আগত খানে কয় যে চীনৰ কে’বাটাও ব্যক্তিগত সংস্থাই গাধ কিনিবলৈ বিচাৰি তেওঁৰ স’তে যোগাযোগ কৰিছে। চামৰাৰ বাবে গাধ ক্ৰয় কৰিবলৈ দিব নোৱাৰি বুলি তেওঁ মন্তব্য কৰিছে। অৱশ্যে ইয়াৰ বিপৰীতে একাংশই অধিক মূল্য পাই গাধ বিক্ৰী কৰিবলৈ লৈছে।

এই সম্পৰ্কত কৰাচীৰ একাংশ পশু ব্যৱসায়ীয়ে কয়, ‘চীনৰ ব্যৱসায়ীয়ে ৰুগীয়া গাধও ৪০ হেজাৰ টকা পর্যন্ত দামত ক্ৰয় কৰিছে। এনে ক্রেতাক বিমুখ কৰিব নোৱাৰি।’

Exit mobile version