Cachar spl marriage :প্ৰেমৰ বাবে ধৰ্ম পৰিবৰ্তন !

হিন্দু প্ৰেমিকাক বিয়া কৰাৰ বাবে তানবিৰ আজিজ লস্কৰ হল তানবিৰ শৰ্মা

marriage

Cachar spl marriage :

প্ৰেমে নামানে কোনো বাধা, নামানে কোনো জাতি-ধৰ্ম, শিলচৰত তানবিৰ আজিজ লস্কৰ নামৰ ইছলাম ধৰ্মৰ প্ৰেমিকে, প্ৰেমিকাক পোৱাৰ বাবে গ্ৰহণ কৰিলে সনাতন ধৰ্ম ৷ হিন্দু প্ৰেমিকাক জীৱন সঙ্গী কৰাৰ বাবে নাম সলাই তানবিৰ আজিজ লস্কৰ হল তানবিৰ শৰ্মা। প্ৰেমিক কাছাৰৰ আৰকাটিপুৰৰ তানবিৰ আজিজ লস্কৰ । প্ৰেমিকা শিলচৰ ইটখলাৰ অঞ্জলি ঠাকুৰ ৷

ADVERTISEMENT

দুয়োৰে মাজত দীৰ্ঘদিনৰ পৰা আছিল প্ৰেমৰ সম্পৰ্ক। পিছে তেওঁলোকৰ এই প্ৰেমত বাধা হৈ থিয় দিছিল তেওঁলোকৰ ধৰ্ম। অৱশেষত প্ৰেমিকাক পোৱাৰ বাবে তানিবৰ আজিজে সলালে ধৰ্ম। শিলচৰ ভাৰত সেৱাশ্ৰম সংঘত সনাতন ধৰ্ম গ্ৰহণ কৰি প্ৰেমিকাক পলাই লৈ গল দিল্লীত । আৰু তাতে কোৰ্ট মেৰেজ কৰি দাম্পত্য জীৱন আৰম্ভ কৰিলে দুয়োয়ে। ভিন ধৰ্মী এই প্ৰেমিক যুগলৰ কাহিনীয়ে এতিয়া কাছাৰত যথেষ্ট চৰ্চা লাভ কৰিছে ।

Exit mobile version