Cm Pressmeet:
অসমত ২৮৯৫টা ফেচবুক একাউন্ট ইছলামাবাদ, ঢাকা আদিৰ পৰা সক্ৰিয় হৈ আছে ৷ আনহাতে এই ফেচবুক একাউন্টত দিয়া পোষ্টবোৰত লাইক আৰু কমেন্ট দি আহিছে কংগ্ৰেছীয়ে ৷ এই মন্তব্য মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ ৷ কেন্দ্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১১ বছৰীয়া কাৰ্যকাল সম্পৰ্কত ৰাজ্যিক বিজেপি কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত মুখ্যমন্ত্ৰী গৰাকী পুনৰ কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷ কংগ্ৰেছৰ পূৰ্বৰ ফল আজি ভূগিবলগীয়া হৈছে ভাৰত ৷
তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যালয়ত দেশৰ কৃষক ৰাইজে লাভ কৰি অহা কে’বা খনো আঁচনিৰ আলোকপাত কৰি কয়, কিষান সন্মান নিধিৰ জৰিয়তে যথেষ্ট উপকৃত হৈছে কৃষক ৷ ছহেজাৰ টকাকৈ লাভ কৰা কৃষকৰ সংখ্যা এক লাখ ৭০,০০০০ অধিক ৷ এই আঁচনিত কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰি ৩ লাখ ৭৫,০০০ হেজাৰ টকা। আনহাতে কিষান ফচল বীমা আঁচনিৰ অধীনত উপকৃত হৈছে ১০ কোটি কৃষক ৷ প্ৰকৃত হিতাধিকাৰীৰ বেংক একাউণ্টত যাতে পোনপটীয়া তেওঁলোকৰ প্ৰাপ্য ধন সোমাই তাৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ একেদৰে নাৰী শক্তিৰ বিকেন্দ্ৰীকৰণৰ বাবে ইতিমধ্যে লোকসভা আৰু বিধানসভাত ৩৩ শতাংশ আসন সংৰক্ষিত কৰিছে মোদী চৰকাৰে ৷ বৰ্তমানলৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম ভ্ৰমনলৈ প্ৰায় ৩৫ বাৰ আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় এইয়া জৱাহৰলাল আৰু ইন্দিৰা গান্ধীৰ পৰা ড:মনমোহন সিঙৰ অসম ভ্ৰমণতকৈ বেছি।
আনহাতে অসমৰ আন আন ঠাইত দৈত ৰে’লৰ লগতে বৈদ্যুতিক ব্যৱস্থাকৰণ দাবী বিভিন্ন সময়ত উদ্থাপন হৈ আহিছিল ৷ কিন্ত প্ৰধানমন্ত্ৰী আৰু ৰে’ল মন্ত্ৰীৰ তৎপৰতা ৰাজ্যৰ প্ৰায়বোৰ ৰে’ল লাইন দ্বৈত হৈ উঠিল ৷ মুখ্যমন্ত্ৰী মোদী কাৰ্যাকালৰ প্ৰসংশাত পঞ্চমুখ হৈ বিজেপিৰ বাবে এইয়া সম্ভৱ হয় বুলি মন্তব্য কৰে ৷
যোৱা ঈদৰ সময়ছোৱাত গুৱাহাটী সহ ৰাজ্যৰ কে’বাটাও স্থানত সাম্প্ৰদায়িক বিহবাস্প বিয়পোৱা লক্ষ্যৰে কিছু দুস্কৃতিকাৰীয়ে গো- মাংস পেলাই যোৱাৰ দৰে যি কাম কৰিছে ৷ এই বিষয়টোত চৰকাৰ কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা ল’বলৈ পিছ হুহুঁকি নাহে ৷ মাংস খোৱাত কোনো বাধা নাই ৷ কিন্তু তাৰ অৱশেষ য’তে -ত’তে পেলাই আন লোকৰ ধৰ্মৰ অনুভূতিক আঘাত হানিব ,এইয়া সহ্য কৰা নহয় ৷
আনহাতে শেহতীয়াকৈ বাংলাদেশী বিতাড়ন বিষয়টোক লৈ এটা বিশেষ চক্ৰই পৰিবেশ বিঘ্নিত কৰিবৰ বাবে অহৰহ চেষ্টা অব্যাহত ৰাখিছে ৷ ইতিমধ্যে এই চক্ৰটোৰ গতিগোত্ৰ চৰকাৰে লক্ষ্য কৰিছে ৷ এইক্ষেত্ৰত চৰকাৰে সময়োচিত ব্যৱস্থা গ্ৰহণ কৰিব । ৰাজ্যক অস্থিৰ কৰিবলৈ প্ৰয়াস কৰা কোনো শক্তিকে শিপাবলৈ দিয়া নহ’ব ৷বাংলাদেশী বিতাড়ন সমস্যাটো চৰকাৰে ইতিমধ্যে সৰ্বোচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশনা অনুসৰি কাৰ্যকৰী হ’ব বুলি স্পষ্ট কৰে মুখ্যমন্ত্ৰীয়ে ৷
একেদৰে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰ অতি কঠোৰ বুলি উল্লেখ কৰি কয়,জনজাতি আবেষ্টনী ভূমি আৰু চৰকাৰী ভূমি দখল উচ্ছেদ কচুতলিৰ দৰেই হ’ব ৷ সংবাদমেলত সাংবাদিককে কেতবোৰ বিষয়ক লৈ সোধা প্ৰশ্নৰ উত্তৰো দিয়ে মুখ্যমন্ত্ৰীয়ে ৷ সংবাদমেল মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাস,মুখ্য মুখপাত্ৰ মনোজ কুমাৰ বৰুৱা উপস্থিত থাকে ৷