ড’নাল্ড ট্রাম্পক হত্যাৰ ভাবুকি! আল কায়দাৰ হিটলিস্টত মাস্ক-সহ মার্কিন প্রশাসনৰ শীর্ষ বিষয়া

IMG 20250611 185231

Donald Trump:আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক হত্যা কৰাৰ ভাবুকি দিছে সন্ত্ৰাসবাদী সংগঠন আল কায়দাই। আৰব উপদ্বীপৰ আল কায়দাৰ সন্ত্ৰাসবাদী সংগঠন AQAP এ এই সন্দৰ্ভত এক ভাবুকি বাৰ্তা প্ৰকাশ কৰিছে।

ADVERTISEMENT

ট্ৰাম্পৰ লগতে এই হিট লিষ্টত আছে ইলন মাস্ককে ধৰি আমেৰিকা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল ।

যদিও আমেৰিকা প্ৰশাসনে এই বিষয়ত কোনো মন্তব্য কৰা নাই, তথাপিও সন্ত্ৰাসবাদী সংগঠনটোৰ এই সতৰ্কবাণীৰ কাৰণ গাজাত ইজৰাইলৰ ধ্বংস আৰু তাত আমেৰিকাৰ প্ৰত্যক্ষ সমৰ্থন বুলি অনুমান কৰা হৈছে ।

সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি শেহতীয়াকৈ আল কায়দাৰ য়েমেন শাখাই ড’নাল্ড ট্ৰাম্প আৰু ইলন মাস্কক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছে। আকাপৰ মুৰব্বী আদ বিন আতাফ আল আউলাকিয়ে এই ভাবুকিৰ সমৰ্থনত এক ভিডিঅ’ বাৰ্তা প্ৰকাশ কৰে।

Exit mobile version