পুনৰ বিপত্তি! কিয় পিছুৱাই দিয়া হ’ল শুভাংশুৰ অভিযান

IMG 20250611 174907

ISRO: 8পুনৰ স্থগিত হ’ল এক্স-৪ অভিযান আজি বিয়লি (ভাৰতীয় সময় অনুসৰি ৫:৩০ বজাত) মহাকাশলৈ উৎক্ষেপণৰ কথা আছিল ফেলকন-৯।

ADVERTISEMENT

অপেক্ষা আছিল সমগ্ৰ দেশ । যদিও আজি পুৱা কাৰিকৰী ত্ৰুটিৰ বাবে পিছুৱাই দিব লগা হয় এই অভিযান।

উল্লেখ্য যে,প্ৰথম অৱস্থাত এক্স-৪ অভিযানত মহাকাশযানখনৰ উৎক্ষেপণৰ কাম ২৮ মে’ত অনুষ্ঠিত হোৱাৰ কথা ।তাৰ পাছত সি অভিযান আঠ জুনলৈ পিছুৱাই দিয়া হয়।

সেই তাৰিখ পুনৰ সলনি হয় ন জুনলৈ হয়। তাৰ পাছত পুনৰ ১০ জুনত হোৱাৰ কথা আছিল যদিও বেয়া বতৰৰ বাবে উৎক্ষেপণৰ তাৰিখ ১১ জুনলৈ সলনি কৰা হয়।

কিন্তু আজি পুৱা স্পেচএক্সে ঘোষণা কৰে যে পোষ্ট-ষ্টেটিক ফায়াৰ বুষ্টাৰ পৰীক্ষাৰ সময়ত LOx লিক ধৰা পৰিছে।এই মেৰামতি কৰিবলৈ সময়ৰ প্ৰয়োজন। সেইবাবেই আজি পুনৰ নিৰ্ধাৰিত সময়ত ৰকেট উৎক্ষেপণ সম্ভৱ নহ’ল।

Exit mobile version