GMC Mayor Mrigen sarania:গুৱাহাটী পৌৰ নিগমৰ বিশেষ পদক্ষেপ

দুচকীয়া আৰু তিনিচকীয়া বাহনৰ বাবে 'ফ্রী পার্কিং',৪৮ স্থানত মুকলি কৰা হ'ব পাৰ্কিং শ্লট,সাউকুছিৰ বুধবৰীয়া বজাৰত জনজাতি আৰু অনুসূচিত জাতি মহিলা ব্যৱসায়ী দিব নালাগে মাচুল

gmc

GMC Mayor Mrigen sarania:

গুৱাহাটী পৌৰ নিগমৰ বিশেষ পদক্ষেপ ৷ জনজাতি আৰু অনুসূচিত জাতিৰ মহিলা ব্যৱসায়ী সকলৰ বাবে স্থান সংৰক্ষণ জিএমচিৰ ৷ মহানগৰীৰ সাউকুচীৰ বুধবৰীয়া বজাৰত জনজাতি আৰু অনুসূচিত জাতিৰ মহিলাই ব্যৱসায়ৰ বাবে এতিয়াৰ পৰা দিব নালাগে কোনো মাচুল । বুধবাৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই সাউকুছিৰ বুধবৰীয়া বজাৰত সংৰক্ষিত স্থান মুকলি কৰে ৷

ADVERTISEMENT

মেয়ৰ শৰণীয়াই সাংবাদিকৰে হোৱা এক বাৰ্তালাপত কয় যে, মহানগৰীৰ পাৰ্কিং শ্লটত এতিয়াৰ পৰা দুচকীয়া আৰু তিনিচকীয়া বাহনে ভৰিব নালাগে কোনো মাচুল ৷ অৱশ্যে চাৰিচকীয়া বাহনে ভৰিব লাগিব মাচুল ৷ প্ৰথম ঘন্টাৰ বাবে ১০ টকা ,পিছৰ প্ৰতি ঘন্টাত মাচুল ভৰিব লাগিব ২০ ঘন্টাকৈ ৷ অচিৰেই জিএমচি-এ ৪৮ টা পাৰ্কিং শ্লট মুকলি কৰা হ’ব ৷ ৷

Exit mobile version