‘বহুত ভাল!’ মাস্কৰ ক্ষমাপ্ৰাৰ্থনা প’ষ্টৰ প্ৰতি ট্ৰাম্পৰ উষ্ম সঁহাৰি !

1749301688 musk trump

Donald Trump:ক্ষমা বিচাৰি ধনকুৱেৰ ইলন মাস্কে কৰা প’ষ্টৰ প্ৰতিক্ৰিয়া জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। তেওঁ কয়, “বহুত ভাল!” লগতে তেওঁ কয়, এসপ্তাহজোৰা শব্দযুদ্ধৰ বাবে নিজৰ একালৰ “বন্ধু”ক তেওঁ দোষাৰোপ কৰিব নিবিচাৰে।

ADVERTISEMENT

সংক্ষিপ্ত এই মন্তব্যৰ পাছত সৃষ্টি হৈছে জল্পনা-কল্পনাৰ। বুধবাৰে নিশা সাংবাদিকৰে হোৱা এক চমু সাক্ষাৎকাৰত ট্ৰাম্পে কয় যে, বন্ধু মাস্কে বিভিন্নতা কঠোৰ কথা কোৱাৰ পাছটো তেওঁৰ এই বিষয়ে বিশেষ বেয়া অনুভৱ হোৱা নাই।

আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে তেওঁ “সুন্দৰ বিল”ক লৈ আৰম্ভ হোৱা বিতৰ্কৰ বাবে মাস্কক প্ৰত্যক্ষভাৱে “দোষ” দিব নিবিচাৰে। ইয়াৰ পাছত মাস্কৰ “ক্ষমা বিচৰা” সন্দৰ্ভত ট্ৰাম্পে কয় ,”বৰ ভাল যে তেওঁ এই কাম কৰাটো কৰিছে।”অৱশ্যে ইমান দিনে মাস্কৰ এই কাৰ্য্যত তেওঁ বিৰক্ত হৈ পৰিছিল,,সেই কথাও তেওঁ স্বীকাৰ কৰিছে।

Exit mobile version