Devastating fire in Gandhibasti:
মহানগৰীৰ গান্ধীবস্তিত বিধ্বংসী অগ্নিকাণ্ড ৷ অনু বৰা পথৰ শুভম ইলাইট এপাৰ্টমেণ্টৰ ওচৰত বৃহস্পতিবাৰে দুপৰীয়া সংঘটিত হয় এই অগ্নিকাণ্ড ৷ হঠাতে সূত্ৰপাত হোৱা জুয়ে মুহূৰ্ততে আগুৰি ধৰে কে’বাটাও বাসগৃহ ৷
আনহাতে অগ্নিকাণ্ডৰ পিছতে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী কে’বা খনো গাড়ীয়ে জুই নিৰ্বাপনৰ বাবে অহৰহ চেষ্টা অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে জুইত জাহ যোৱা ঘৰবোৰ আছিল ভাড়াঘৰ ৷ স্থানীয় আবাসীয়ে অভিযোগ কৰা মতে দাঁতিত থকা এটা ব্লিডিঙৰ পৰা জুই ফিৰিঙতিৰ আহি বিধ্বংসী অগ্নিকাণ্ড সংঘটিত ৷উৎকট গৰমৰ মাজতে সংঘটিত হোৱা এনে ঘটনাই অঞ্চলবাসীক আতংকিত কৰি ৰাখিছে |