Ahmedabad Plane Crash:আহমেদাবাদত সংঘটিত ভয়াবহ বিমান দুৰ্ঘটনাৰ পাছত বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰ সকলো বিমান ‘ গ্ৰাউণ্ড ‘ কৰাৰ অৰ্থাৎ বিমান পৰিসেৱা বন্ধ কৰাৰ কথা চিন্তা কৰিছে কেন্দ্ৰীয় চৰকাৰে। শুকুৰবাৰে সূত্ৰত এই তথ্য প্ৰকাশ পাইছে।এই ড্ৰিমলাইনাৰ ২০১১ চনৰ পৰা আকাশত উৰিছে।
ইয়াৰ পূৰ্বে এখনো বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱা নাই। যদিও দুৰ্ঘটনা নোহোৱাকৈও ড্ৰিমলাইনাৰ বহু বিতৰ্কৰ বিষয় হৈ পৰিছে। ইয়াৰ পূৰ্বেও বয়িঙৰ এজন শীৰ্ষ কাৰ্যবাহীয়ে বিমানখনৰ সুৰক্ষাৰ পদ্ধতিৰ ত্ৰুটি লৈ প্ৰশ্ন উত্থাপন কৰিছিল।
বৰ্তমান চৰকাৰে ড্ৰিমলাইনাৰৰ সকলো বিমান গ্ৰাউণ্ড কৰাৰ কথা চিন্তা কৰিছে। তথ্য অনুসৰি এই সন্দৰ্ভত এটা আমেৰিকান কোম্পানীৰ স’তে আলোচনা চলিছে।
বৃহস্পতিবাৰে বিয়লি আহমেদাবাদৰ পৰা লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ এ আই ১৭১ বিমান উৰণৰ কেইছেকেণ্ডমানৰ ভিতৰতে দুৰ্ঘটনাগ্ৰস্ত হয়।
বিমানখনত থকা ২৩০ জন যাত্ৰী আৰু ১২ জন ক্ৰুৰ ভিতৰত ২৪১ জনৰে মৃত্যু হয়। আচাৰ্যজনকভাৱে ৰক্ষা পৰে এজন যাত্ৰী।
এই ঘটনাৰ পাছত বয়িঙে এয়াৰ ইণ্ডিয়াৰ স’তে যোগাযোগত থকা বুলি জনাইছে। লগতে এয়াৰ ইণ্ডিয়াক সকলো বিষয়তে সহযোগিতা আগবঢ়াব বুলিও কৈছে। ইফালে বয়িঙে এই বিমানখন নিৰ্মাণৰ পাছৰে পৰা ২৫০০ৰো অধিক ৭৮৭ মডেলৰ বিমান বিক্ৰী কৰিছে।
সূত্ৰ অনুসৰি এয়াৰ ইণ্ডিয়াৰ হাতত বৰ্তমান এই মডেলৰ ৪৭ খন বিমান আছে। ভাৰত চৰকাৰৰ পৰিকল্পনা অনুসৰি যদি এই বিমানসমূহ গ্ৰাউণ্ড কৰা হয় তেন্তে বহু লোকে বহিঃৰাজ্য ভ্ৰমণৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব।
যেতিয়া কোনো বিমানৰ মডেল দুৰ্ঘটনাত পতিত হয়, তেতিয়া নিয়ম অনুসৰি, সেই মডেলৰ আন সকলো বিমানক দুৰ্ঘটনাৰ সঠিক কাৰণ জানিব পৰালৈকে গাউণ্ড কৰা হয়। যদি তদন্তত দেখা যায় যে দুৰ্ঘটনাৰ কাৰণ আন্তঃগাঁথনিৰ দোষ নহয়, তেন্তে সেৱা পুনৰ আৰম্ভ কৰিবলৈ দিয়া হয়।