Kerala:আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত নাৰ্ছক লৈ আপত্তিজনক মন্তব্য কেৰালাৰ চৰকাৰী বিষয়াৰ।ছ’চিয়েল মিডিয়াত মৃত নাৰ্ছগৰাকীক অপমানজনক মন্তব্য কৰাৰ বাবে নিলম্বন হ’ল কেৰালাৰ কনিষ্ঠ ৰাজহ বিষয়া এ পবিত্ৰন।
বিষয়টো খোদ ৰাজহ মন্ত্ৰীৰ দৃষ্টিগোচৰ হোৱাৰ পাছতে তেওঁ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে।বৃহস্পতিবাৰৰ দুপৰীয়া আহমেদাবাদৰ বিমান দুৰ্ঘটনাত ২৪১ জন যাত্ৰীয়ে প্ৰাণ হেৰুৱালে।
নিহতসকলৰ তালিকাত আছিল ৩৯ বছৰীয়া নাৰ্ছ ৰঞ্জিতা জি নাইৰ। তেওঁৰ মৃত্যুৰ তথ্য ৰাজহুৱা হোৱাৰ পাছতে পবিত্ৰনে নাৰ্ছগৰাকীৰ জাতিৰ কথা উল্লেখ কৰি ছ’চিয়েল মিডিয়াত তেওঁ লিখিছে, “কেৰালাৰ এগৰাকী নাইৰ মহিলাৰ মৃত্যু হৈছে। তেওঁ আন কাৰোবাৰ সুযোগ নষ্ট কৰি এই চাকৰিটো পাইছে। এতিয়া তেওঁ চিকিৎসালয়ৰ পৰা ছুটী লৈ লণ্ডনলৈ গৈছিল। তেওঁৰ মৃত্যুৰ বাবে মোৰ একো অনুভৱ নাই। কিন্তু সকলোকে সমবেদনা জনাইছো।”
তেওঁৰ পোষ্টটো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে এই বিতৰ্ক তীব্ৰতৰ হৈ পৰে। ইয়াৰ পাছতে বিষয়টোৱে ৰাজ্য মন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰে।
বিষয়াগৰাকীয়ে শেহতীয়াকৈ কেৰালাৰ ৰাজহ বিভাগত যোগদান কৰিছিল। কাছাৰগোড জিলাৰ ভেল্লাকুণ্ডুত কনিষ্ঠ অধীক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে।
তেওঁৰ মন্তব্যৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে লিখিছে যে অভিযুক্ত বিষয়াজনে অতি ঘৃণনীয় কাম কৰিছে।এই প’ষ্টটো পোহৰলৈ অহাৰ পাছতে বিষয়াজনক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়।উল্লেখ্য যে,কেৰালাৰ নাইৰ সম্প্ৰদায়ক উচ্চ জাতি বুলি গণ্য কৰা হয়। মৃত নাৰ্ছ ৰঞ্জিতাই ব্ৰিটেইনত নাৰ্ছ হিচাপে কৰ্মৰত আছিল।
চাৰিদিন পূৰ্বে কেৰালাত চৰকাৰী চাকৰিৰ কাগজ-পত্ৰ জমা দিবলৈ ভাৰতলৈ আহিছিল। ইয়াৰ পাছত তেওঁ ব্ৰিটেইনলৈ উভতি গৈছিল । উদ্দেশ্য আছিল তাতে চাকৰি এৰি কেৰালাৰ এখন চিকিৎসালয়ত স্থায়ীভাৱে কাম আৰম্ভ কৰা। কিন্তু ইংলেণ্ডলৈ উভতি অহাৰ আগতে দুৰ্ঘটনাত তেওঁৰ মৃত্যু হয়।