Ahmedabad plane Crash: বিমান দুর্ঘটনাৰ শংকাত ভুগিছিল নাংথৈয়ে

foto 1 2

Ahmedabad plane Crash:

আকাশখন নাংথৈৰ বাবে নাছিল অপৰিচিত। বিগত তিনি বছৰ ধৰি নাংথৈয়ে এয়াৰ ইণ্ডিয়াৰ বিমান পৰিচাৰিকা ৰূপে কৰ্মৰত আছিল। ইম্ফলৰ এক বাছনি পৰীক্ষাত এই কামৰ বাবে নিৰ্বাচিত হৈছিল নাংথৈয়ে। তেওঁ তেতিয়াও প্রাক্ স্নাতক শ্ৰেণীত অধ্যয়ন কৰি আছিল। নাংথৈৰ চাকৰিৰ মূল যোগদান স্থলী মুম্বাই। মুম্বাই নাংথৈৰ বাবে এখন অতি ভাল লগা মহানগৰী। তাতেই তেওঁ থাকিবলৈ বৰ ভাল পায়।

ADVERTISEMENT

এনেবোৰ কথা সোঁৱৰি পৰিয়ালৰ ঘনিষ্ঠ আত্মীয়ই লগতে কয়, ‘তাই মোক এবাৰ কৈছিল যে বিমান দুর্ঘটনাৰ আতংকত তাই ভুগি থাকে। এনেকুৱা ঘটনা হ’লে কি কৰিব লাগিব সেয়া তাই নাজানিছিল। এই ভয়ে তাইক সদায় খেদি ফুৰিছিল। আজি তাইৰ এই ভয় পৰিয়ালৰ বাবে হৈ পৰিল দুঃস্বপ্ন।’ বিমান দুর্ঘটনাৰ আতংকই খেদিলেও পৰিয়ালৰ মজলীয়া সন্তান নাংথৈয়ে ভাল পাইছিল আকাশ।

আজি শোকত ভাগি পৰা আত্মীয়ই নাংথৈৰ স্মৃতি সোঁৱৰি কয় যে তাই অতি উজ্জ্বল, দায়িত্বশীল আৰু জীৱনৰ সঞ্জীৱনৰে ভৰা ছোৱালী আছিল। সৌভাগ্য পৰীক্ষা কৰিবলৈ নাংথৈয়ে বিমান সেৱাৰ সাক্ষাৎকাৰত অৱতীৰ্ণ হৈছিল আৰু এই চাকৰিৰ বাবে তেওঁ পৃথিৱীৰ ভিন ভিন স্থানলৈ যোৱাৰ সুযোগ পাইছিল। এই দুৰ্ঘটনাৰ বতৰা পোৱাৰ পাছতে দিল্লী আৰু চণ্ডীগড়ত থকা নাংথৈৰ দুজন আত্মীয় যায়। ইপিনে, খেংজিতাই পুনৰ কয়, ‘সন্ধিয়া ছয় বজাত আমি তাইক ফোন কৰাটো বন্ধ কৰিলো। যদি বেটাৰী নোহোৱা হয়, তেন্তে কি হ’ব? ৰিংটন শুনি এনে লাগিছে যেন তাই ক’ৰবাত আছে। আমাৰ বাবে ৰৈ আছে। তাই চাগৈ জীয়াই আছে।’

ইপিনে, ২০২৩ৰ মে’ত গোষ্ঠী সংঘৰ্ষৰ দাবানলত মণিপুৰ জৰ্জৰিত হোৱাৰ পাছৰে পৰা ছিংছনৰ পৰিয়ালটোৱে গৃহহাৰা হোৱাত ইম্ফলৰ পৰা স্থানান্তৰিত হৈ কুকি অধ্যুষিত কাংপ’কপি জিলাত বাস কৰিবলৈ লয়। অৱশ্যে কন্যাৰ মৃত্যুৰ বাতৰি মানি লোৱা নাই পৰিয়ালে। শৰ্মাৰ পৰিয়ালে কন্যা উভতি আহিব বুলি গভীৰ আশাত বন্দী।

মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্রী এন বীৰেন সিঙে গভীৰ শোক প্ৰকাশ কৰি কয়, ‘এই কথা অতি হৃদয় বিদাৰক যে মণিপুৰৰ দুগৰাকী বিমান পৰিচাৰিকা কংগ্ৰাবাইলাটপাম নাংথৈ শৰ্মা আৰু লামনুনথেম ছিংছন দুর্ঘটনাত পতিত হোৱা যাত্ৰীৰ বিমানখনত আছিল। দুয়ো আছিল অতি প্রাণৱন্ত, দায়বদ্ধতাৰে আৰু গৌৰৱৰে তেওঁ আগবঢ়াইছিল। তেওঁলোকৰ অকাল মৃত্যুত পৰিয়াল, বন্ধু আৰু আমাৰ সকলোৰে বাবে গভীৰ ক্ষতি।

Exit mobile version