Air india Plane :
গুজৰাটৰ আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ ভাঙি পৰা বিমানখনক লৈ বহু প্রশ্ন উত্থাপন হৈছে। ক’ত কেতিয়া কিদৰে এই ভয়াৱহ দুর্ভাগ্যজনক ঘটনা সংঘটিত হ’ল তাকে লৈ বিভিন্ন তথ্য প্রকাশিত হৈছে। বৃহস্পতিবাৰে দুপৰীয়া ১-৩০ বজাত এয়াৰ ইণ্ডিয়াৰ এ আই-১৭১ বিমানখনে উৰা মাৰিবলৈ প্রস্তুতি চলায়। সেই সময়ত বিমানখন ৰাণৱেত আছিল। ১-৩৮ বজাত উপগ্রহৰ চিত্ৰ অনুসৰি ৰাণৱেৰ শেষ প্রান্ত এৰি বাহিৰলৈ ওলাইছিল বিমানখন।
সেই সময়ত বিমানৰ স’তে এয়াৰ ট্রেফিক কন্ট্র’লৰ যোগাযোগ আছিল। দিনৰ ১-৩৯ বজাত বিমান বন্দৰ এৰি এআই-১৭১ আগুৱাই যায়। তেতিয়াও বিমানৰ স’তে এটিচিৰ যোগাযোগ আছিল। পাইলটে এটিচিক বিপদ সংকেত প্ৰেৰণ কৰে। ইয়াৰ কিছু ছেকেণ্ডৰ পছতে যোগাযোগ বিচ্ছিন্ন হয়, বিমানখন তেতিয়া ৬২৫ ফুট উচ্চতাত আছিল। দিনৰ ১-৪০ বজাত বিমানখন মেঘানি নগৰত ভাঙি পৰে।
#ৰাণৱেৰ পৰা উৰাৰ পাছত হঠাৎ বাঁওফালে পাক লৈছিল দুর্ঘটনাগ্রস্ত হোৱা বিমানে
আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল বিমান বন্দৰৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ পাঁচ মিনিট পাছতে লণ্ডন অভিমুখী বিমানখন ভাঙি পৰিছিল। এই ঘটনাৰ এক ভিডিঅ’ত দেখা গৈছে যে উৰা মৰাৰ কিছু মুহূৰ্তৰ পাছতে বিমানৰ নেজৰ অংশটো তললৈ নামি নামি হঠাৎ মাটিত ভাঙি পৰে। বিমানখন ভাঙি পৰে বিমান বন্দৰৰ চৌহদতে। ইয়াৰ গাতে লাগি আছে মেঘানি নগৰ অঞ্চল। ছেটেলাইটৰ ছবিত দেখা গৈছে যে বিমানখন টেক্সিৱেৰ পৰা ৰাণৱেলৈ আহে। উৰিবলৈ আৰম্ভ কৰাৰ পাছতে হঠাৎ বিমানখনে তীব্রবেগেৰে বাঁওদিশলৈ পাক লয়। মুহূৰ্তৰ ভিতৰতে ইয়াৰ পাছফালৰ দিশটো তললৈ নামি গৈ বিমান বন্দৰৰ চৌহদৰ ভিতৰৰ ‘জইন্ট ইন্টেগ্ৰেচন চেণ্টাৰ’ নামৰ এটি বহুমহলীয়া ঘৰৰ সমীপৰ এটা হোষ্টেলৰ ওপৰত ভাঙি পৰে।
ফ্লাইট ৰাইডাৰ্ছৰ তথ্য অনুসৰি সমুদ্রপৃষ্ঠৰ পৰা ৬৫০ ফুট ওপৰত দুর্ঘটনাগ্রস্ত হয় বিমানখন। মিনিটত চাৰিশ ফুট গতিবেগেৰে তললৈ নামি আহিছিল বিমানখন। তাৰ পাছতে জনাকীর্ণ স্থানত ভাঙি পৰে বিমানখন। দ্রুত গতিত বিমানখন নামি অহাৰ সময়ত ইয়াক নিয়ন্ত্রণ কৰিবলৈ পাইলটৰ হাতত এক মিনিটো সময় নাছিল। বিমান বিশেষজ্ঞসকলে কয় যে এয়াৰ ইণ্ডিয়াখন যেতিয়া দুর্ঘটনাৰ কৱলত পৰে তেতিয়া সেইখন সমুদ্রপৃষ্ঠৰ পৰা ৬২৫ ফুট উচ্চতাত আছিল। যদি বিমানখন ৩৫ হেজাৰ ফুট উচ্চতাত থাকিলহেঁতেন তেতিয়া পৰিস্থিতি চম্ভালিবলৈ পাইলট আৰু ক্রু সদস্যসকলে কিছু সময় পালেহেঁতেন। কিন্তু এই ক্ষেত্ৰত ৰাণৱে এৰি ওপৰলৈ উঠাৰ পাছত মাত্র ৬২৫ ফুট উচ্চতালৈ গৈছিল। যাৰ ফলত পাইলটে কোনো সুযোগে লাভ নকৰিলে।
দেশত অসামৰিক বিমান পৰিবহণ নিয়ন্ত্রক সংস্থা (ডিজিএছএ)ই জনোৱা মতে দিনৰ ১-৩৯ বজাত বিমানখনে ৰাণৱে এৰাৰ পাছতে এটিচিক ‘মে ডে কল’ কৰে পাইলটে। কিন্তু বিমানখনৰ স’তে যোগাযোগ কৰাৰ চেষ্ট কৰিও কোনো উত্তৰ পোৱা নগ’ল। ফ্লাইট ৰাইডাৰ্ছ-২৪ৰ তথ্য অনুসৰি যিখন বিমান ভাঙি পৰিল সেইখন ভিটিএনবিৰ। বিমানখনে বৃহস্পতিবাৰে পুৱাই দিল্লীৰ পৰা আহমেদাবাদলৈ আহে। তাৰ পাছত সেইখন লণ্ডন অভিমুখে যাবলৈ লয় যদিও দুর্ঘটনাত পতিত হয়।
# কি এই ‘মে ডে কল’?
বিমান পৰিসেৱাৰ ভাষাত ইয়াক বিপদ সংকেত বুলি কোৱা হয়। জৰুৰীকালীন পৰিস্থিতিত পাইলটে যেতিয়া কোনো বিপদৰ আগজাননী লাভ কৰে তেতিয়া এই শব্দ ব্যৱহাৰ কৰা হয়। ইয়াৰ অৰ্থ মোক সহায় কৰক। সাধাৰণতে এটিচি আৰু ইয়াৰ আওতাত থকা আকাশপথৰ কোনো বিমানৰ মাজত ৰেডিঅ’ যোগাযোগৰ ‘মে ডে কল’ বুলি কোৱা হয়। এই শব্দকেইটাৰ জৰিয়তে দ্রুত সাহায্য বিচাৰি বাৰ্তা প্ৰেৰণ কৰা হয়। বিমানৰ ইঞ্জিনত বিজুতি ঘটিলে, দুর্যোগপূর্ণ বাতাবৰণৰ মাজত যদি বিমানখন সোমায়, বিমানৰ যান্ত্রিক বিজুতি ঘটিলে আৰু উৰণ পথত বিমানৰ ভিতৰত যাত্রী অসুস্থ হৈ জৰুৰীকালীন পৰিস্থিতিত এই ‘মে ডে কল’ কৰা হয়।
# আহমেদাবাদ বিমান বন্দৰ বন্ধ
শোকাৱহ দুর্ঘটনাৰ পাছত ঘটনাস্থলীৰ ওচৰ-পাঁজৰৰ সকলো পথ বন্ধ কৰা হৈছে। আহমেদাবাদ বিমান বন্দৰেও বিমান পৰিসেৱা বন্ধ কৰিছে। অব্যাহত আছে উদ্ধাৰ অভিযান।