Nagaon:
নগাঁও চহৰৰ মোলাপট্টি, চিভিলগেট আৰু শেনচোৱাৰ ৰে’ল গেটত এতিয়া সৃষ্টি হয় তীব্ৰ যানযঁটৰ । ৰে’ল অহাৰ সময়ত নগাঁৱৰ এই তিনিটাকৈ স্থানত আৱদ্ধ হৈ পৰে শ শ যান-বাহন । ৰে’লৰ গমনা-গমনৰ সময়ত পোন্ধৰ মিনিটৰ পৰা আধাঘণ্টা পৰ্যন্ত এই ৰে’লগেট কেইটা বন্ধ কৰি দিয়ে ৰে’ল কৰ্তৃপক্ষই । যাৰ পৰিপ্ৰেক্ষিতত এক দীঘলীয়া যানযঁটৰ সৃষ্টি হয় সদাব্যস্ত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় ঘাইপথ কেইটাত ।
পথচাৰীৰ বাবে মূৰৰ কামোৰণি হৈ পৰা এই ৰে’লগেট তিনিটাৰ প্ৰথমটো ৰে’লগেট হৈছে নগাঁও অসামৰিক চিকিৎসালয়ৰ সমীপৰ ‘চিভিল ৰে’লগেট’ । ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত স্থাপিত এই ৰে’লগেটতো নগাঁও চহৰৰ এটা বৃহৎ ব্যস্ততাপূৰ্ণ অংশক সামৰি আছে । যাৰবাবে এই ৰে’লগেটত ভীষণ যানযঁটৰ সৃষ্টি হয় । একেদৰে দ্বিতীয়টো ৰে’লগেট হৈছে ‘শেনচোৱা ৰে’লগেট’ ।
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ তথা অতীতৰ আছাম ট্ৰাংক ৰোডত স্থাপিত এই ৰে’লগেটতোও যানযঁটৰ আন এক কাৰণ । ৰে’ল অহা-যোৱাৰ সময়ত এই অঞ্চলটোতো সৃষ্টি হয় অভাৱনীয় যানযঁটৰ । আনহাতে, নগাঁওবাসীৰ যাতায়তৰ সমস্যাৰ আন এক নাম হৈছে ‘মোলাপট্টি ৰে’লগেট’ । নগাঁও চহৰৰ প্ৰধান বাণিজ্যিক কেন্দ্ৰ হয়বৰগাঁও অঞ্চলক স্পৰ্শ কৰা এই ৰে’লগেটতো স্থাপিত হৈ আছে গুৱাহাটীৰ নাৰেংগী আৰু কলিয়াবৰৰ নলতলি সংযোগী ৩ নং ৰাজ্যিক ঘাইপথত ।
এই অঞ্চটোতো ৰে’ল অহা-যোৱাৰ সময়ত ব্যাপক যানযঁটৰ সৃষ্টি হয় । নগাঁৱৰ মোলাপট্টি আৰু শেনচোৱাৰ ৰে’লগেটে ঐতিহ্যমণ্ডিত হয়বৰগাঁও ৰে’ল ষ্টেচনক সংযোগ কৰাৰ বিপৰীতে চিভিলৰ ৰে’লগেটে সংযোগ কৰিছে নগাঁও (মৰিকলং) ৰে’ল ষ্টেচনক । দুই পৃথক ৰে’লপথৰ এই গেট তিনিটা এতিয়া পথচাৰী বা অন্য যান-বাহনৰ যাত্ৰাৰ প্ৰধান অন্তৰায় ৰূপে বিবেচিত হৈছে । ৰে’ল অহাৰ সময়ত এম্বুলেন্স পৰ্যন্ত আৱদ্ধ হৈ পৰে এই ৰে’লগেট তিনিটাত । নগাঁও চহৰৰ গাতে লাগি থকাৰ বাবে কিছু আগতীয়াকৈয়ে ৰে’লগেট তিনিটা অন্য যান-বাহনৰ বাবে বন্ধ কৰি দিয়া হয় । সদাব্যস্ত পথ কেইটাৰ যাতায়ত বন্ধ কৰি দিয়াৰ লগে লগে হাহাকাৰ সদৃশ পৰিস্থিতিৰ উদ্ভৱ এই স্থান তিনিটাত ।
যান-বাহনৰ লানি নিছিগা শাৰীয়ে এক বিশৃংখল পৰিৱেশৰ সূচনা কৰে নগাঁও চহৰত । সেয়ে এই তিনিটাকৈ ৰে’লগেটত উৰণ সেঁতু নিৰ্মাণৰ সজোৰ দাবী উত্থাপন হৈছে । নগাঁৱৰ অতীষ্ঠ জনসাধাৰণে এতিয়া এই যাননযঁটৰ পৰা বিচাৰিছে পৰিত্ৰাণ । বিভাগীয় কৰ্তৃপক্ষক এইক্ষেত্ৰত যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি শীঘ্ৰেই উৰণ সেঁতু নিৰ্মাণৰ জৰিয়তে এই সমস্যাৰ স্থায়ী সমাধান বিচাৰিছে নগাঁওবাসীয়ে ।
উল্লেখ্য যে, শেহতীয়াকৈ অমৃত ভাৰত ষ্টেচন আঁচনিৰ অন্তৰ্ভুক্ত হৈ এক নতুন আৰু বিকশিত ৰূপ লাভ কৰিছে নগাঁৱৰ হয়বৰগাঁও ৰে’ল ষ্টেচনে । ১৮৮৭ চনতেই স্থাপিত হয়বৰগাঁও ৰে’ল ষ্টেচন এতিয়া পৰ্যটকৰো অন্যতম আকৰ্ষণ হৈ পৰিছে । দৈনিক প্ৰায় ১২০০ যাত্ৰীয়ে গমনা-গমন কৰা এই ঐতিহ্যমণ্ডিত ৰে’ল ষ্টেচনৰ কাষৰেই ৰে’লগেটৰ যানযঁট এতিয়া পথচাৰীৰ বাবে হৈ পৰিছে এক বৃহৎ প্ৰত্যাহ্বান ।