Experience Pilots Where in the plane:৮,২০০ ঘণ্টা বিমান চালনাৰ অভিজ্ঞতা আছিল অভিশপ্ত বিমান খনৰ কেপ্টেইনৰ

দুই বৈমানিকৰ প্ৰচুৰ অভিজ্ঞতায়ো শেষ ৰক্ষা নকৰিলে

pilots

Experience Pilots Where in the plane:

যেন মৃত্যুৱে খেদিছিলএয়াৰ ইণ্ডিয়াৰ বিমানখনৰ দুই শতাধিক যাত্রী তথা বিমানকর্মীক। পোহৰলৈ অহা তথ্য অনুসৰি, আহমেদাবাদত দুর্ঘটনাগ্রস্ত এয়াৰ ইণ্ডিয়াৰ ব’য়িং ড্রীমলাইনাৰ বিমানখনৰ দুই বৈমানিকেই আছিল যথেষ্ট অভিজ্ঞতাপুষ্ট। বৈমানিক কেপ্টেইন সুমিত সবৰৱালৰ ৮,২০০ ঘণ্টা বিমান চালনাৰ অভিজ্ঞতা আছিল।

ADVERTISEMENT

একেদৰে ১,১০০ ঘণ্টা বিমান চালনৰ অভিজ্ঞতাৰে পুষ্ট আছিল সহঃ বৈমানিক ক্লাইভ কুন্দৰ। অৰ্থাৎ দুই বৈমানিকৰ সন্মিলিত উৰণ অভিজ্ঞতা আছিল প্রায় ১০ হেজাৰ ঘণ্টা। তৎসত্ত্বেও বৃহস্পতিবাৰে দুপৰীয়া আহমেদাবাদত বিমানখন দুর্ঘটনাগ্রস্ত হয়।

এয়াৰ ট্রেফিক কন্ট্র’লাৰে জনোৱা মতে, দুৰ্ঘটনাৰ প্ৰাকমুহূৰ্তত বৈমানিকৰ পৰা জৰুৰী ‘মে ডে কল’ পায়। তাৰ পাছতে ৬২৫ ফুট উচ্চতাৰ পৰা প্রতি মিনিটত ৪৭৫ ফুট বেগত বিমানখনে তললৈ যাত্ৰা কৰিবলৈ ধৰে। বিমানখনৰ বৈমানিকৰ পৰা এয়াৰ ট্রেফিক কন্ট্র’লাৰে দুপৰীয়া ১-৩৯ বজাত ‘মে ডে কল’ পায়। ইয়াৰ সঁহাৰি স্বৰূপে এয়াৰ ট্রেফিক কন্ট্র’লাৰে বৈমানিকৰ স’তে যোগাযোগ কৰে যদিও সফল নহ’ল।

তাৰ পিছমুহূৰ্ততে বিমানখন বিজে চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰাৱাসৰ অট্টালিকাৰ ওপৰত ভাঙি পৰে। আনহাতে, দুজন যথেষ্ট অভিজ্ঞতাপুষ্ট বৈমানিক থকাৰ পাছতো বিমানখন কেনেদৰে দুর্ঘটনাগ্রস্ত হ’ল তাক লৈ ব্যাপক চর্চা হৈছে। বাতৰি লিখা পৰলৈ বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰ প্ৰকৃত কাৰণ পোহৰলৈ অহা নাই।

Exit mobile version