বি এছ এফ আৰু ওড়িশা আৰক্ষীয়ে যৌথ অভিযানত গ্ৰেপ্তাৰ দুই মাওবাদী

1749879693 maoist

Maoists:  কেন্দ্ৰীয় বাহিনী বি এছ এফ আৰু ওড়িশা আৰক্ষীৰ যৌথ অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে দুই মাওবাদী। শুকুৰবাৰে পশ্চিম ওড়িশাৰ মালকানগিৰি জিলাত আকস্মিকভাৱে তালাচী অভিযান চলাই মাওবাদী দুজনক গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত শুকুৰবাৰে বি এছ এফ আৰু ওড়িশা আৰক্ষীৰ বিশেষ অভিযান গোটে পূব ঘাটৰ সোডিগুডা আৰু টেণ্টুলিগুডা গাঁৱৰ ওচৰৰ বনাঞ্চলত অভিযান চলায়।

সেই সময়ত ওড়িশা-অন্ধ্ৰ প্ৰদেশ-চত্তীশগড় সীমান্তত সক্ৰিয় মাওবাদী নেতা দুজন ‘ফান্দত পৰিল।

গ্ৰেপ্তাৰ হোৱা লোক দুজনৰ ভিতৰত আছে কংগেৰঘাণ্টী অঞ্চলৰ নিষিদ্ধ সংগঠন চিপিআই (মাওবাদী)ৰ এৰিয়া কমিটি মেম্বাৰ (এচিএম) কেছা কাৱাছী (৩২) আৰু অন্ধ্ৰ-ওড়িশা সীমান্তত সক্ৰিয় মাওবাদী সশস্ত্ৰ বাহিনী পিএলজিএ (পিপলছ লিবাৰেচন গেৰিলা আৰ্মি)ৰ এটা প্লাটুনৰ সদস্য ৰাকেশ ওৰফে চানু কুঞ্জাম (৩০)।

Exit mobile version