সুভাংশু শুক্লাৰ মহাকাশ অভিযানৰ নতুন তাৰিখ ঘোষণা!

ইয়াৰ পূৰ্বে স্থগিত হৈছিল পাঁচবাৰ

1749887708 shukla

Shubhanshu Shukla:বাৰে বাৰে পিছুৱাই দিয়া হৈছে সুভাংশু শুক্লা আৰু তেওঁৰ তিনি সহযোগীৰ মহাকাশ অভিযানৰ তাৰিখ ।শনিবাৰে পুনৰ তেওঁলোকৰ এক্সিয়াম-৪ অভিযানৰ তাৰিখ ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰীয়ে।

যদি সকলো ঠিকে থাকে তেন্তে অহা বৃহস্পতিবাৰে অৰ্থাৎ ১৯ জুনত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ ৰাওনা হ’ব সুভাংশু।

আজি কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে এক্স হেণ্ডেলত এক পোষ্টযোগে জনাইছে, মহাকাশচাৰী সুভাংশু শুক্লাৰ স’তে এক্সিয়াম-৪ অভিযান ১৯ জুনত আৰম্ভ হ’ব।

অভিযান পিছুৱাই দিয়াৰ আঁৰৰ সকলো সমস্যা ইতিমধ্যেই চিনাক্ত কৰা হৈছে।ইলন মাস্কৰ কোম্পানী স্পেচ এক্সে এই কথা নিশ্চিত কৰিছে বুলি জিতেন্দ্ৰই জানিবলৈ দিয়ে ।

এই কোম্পানীয়ে নিৰ্মাণ কৰা ড্ৰেগন মহাকাশযানত সুভাংশু আই এছ এছলৈ যোৱাৰ কথা। এই মহাকাশযানখন উৎক্ষেপণ কৰিব ফেলকন-৯য়ে। জিতেন্দ্ৰ কেন্দ্ৰীয় কৰ্মচাৰী, ৰাজহুৱা অভিযোগ, পেঞ্চন মন্ত্ৰালয়ৰ সদস্য।

এক্সিয়াম-৪ অভিযান দলটোৱেও সুভাংশুৰ অভিযানৰ নতুন তাৰিখ ঘোষণা কৰিছে। অহা ১৯ জুনত আমেৰিকাৰ ফ্ল’ৰিডাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা উৰা মাৰিব ফেলকন-৯।সুভাংশুৱে ১৪ দিন আই এছ এছত বিভিন্ন বিষয়ৰ ওপৰত গৱেষণা কৰাৰ কথা।

Exit mobile version