ভটিয়াপাৰস্থিত অ’এনজিচিত ডিএছ-১৪৭ তৈলখাদৰ পৰা গেছ নির্গমন অব্যাহত

তিনিদিন ধৰি অহৰহ গেছ নিৰ্গত, গেছ নিৰ্গমন ৰোধ কৰাত ব্যৰ্থ অ'এনজিচি, ৪৭টাৰো অধিক পৰিয়ালক আশ্রয় শিবিৰলৈ স্থানান্তৰ

sisagar

Gas emissions from ONGC oil fields in Shivsagar continue:

আজি তৃতীয় দিনাও অব্যাহত থাকে শিৱসাগৰৰ ভটীয়াপাৰত অ’এনজিচিৰ আৰ ডিএছ-১৪৭ তৈলখাদৰ পৰা গেছ নির্গমন। বৃহস্পতিবাৰে ভটীয়াপাৰাৰ বাৰীচুকত প্রতিষ্ঠানটোৰ উক্ত তৈলখাদৰ পৰা গেছ নির্গমন আৰম্ভ হয়। অঞ্চলটোৰ চৌদিশে তীব্র আতংক বিৰাজ কৰি আছে। এই গেছ নির্গমন বন্ধ কৰাৰ বাবে অ’এনজিচি কর্তৃপক্ষই গ্রহণ কৰা সকলো চেষ্টা বিফল হৈছে।

ADVERTISEMENT

আজি তৃতীয় দিনাও পৰিস্থিতি মুঠেই নিয়ন্ত্রণলৈ নাহিল। তাৰ পৰিৱৰ্তে তীব্ৰ গতিত গেছৰ নিৰ্গমন অব্যাহত আছে। ফলত যিকোনো মুহূর্ততে ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ আশংকা প্রবল হৈছে। খাৰুৱা তেল মিশ্রিত এই গেছত

যাতে অগ্নিকাণ্ডৰ সূত্রপাত নহয় তাৰ বাবে অ’এনজিচিয়ে অগ্নিনির্বাপক বাহিনীৰ দ্বাৰা চেষ্টা অব্যাহত ৰাখিছে। অৱশ্যে স্থানীয় ৰাইজ ইয়াক লৈ আশ্বস্ত হোৱা নাই। অগ্নিনির্বাপক বাহিনীয়ে তীব্র বেগত গেছ নির্গত হৈ থকা স্থানত অহৰহ পানী ছটিয়াই আছে যদিও সেই পানী ওফৰাই ১৫-২০ ফুট ওপৰলৈ উঠিছে নির্গত গেছ। ফলত অঞ্চলটোত তিনিচুকীয়াৰ বাঘজান কাণ্ডৰ পুনৰাবৃত্তি ঘটাৰ আশংকাৰ সৃষ্টি হৈছে।

ইপিনে, অভিযোগ অনুসৰি অ’এনজিচিৰ একাংশ বিষয়া-কৰ্মচাৰীৰ মইমতালিত এই ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে। প্রতিষ্ঠানটোৰ এটা অসম বিৰোধী চক্রই ব্যক্তিগত স্বার্থসিদ্ধিৰ উদ্দেশ্যে তৈলক্ষেত্ৰসমূহৰ লগতে খাদসমূহ ঠিকাদাৰী প্রতিষ্ঠানক চলাবলৈ দিছে। ভটীয়াপাৰত বিস্ফোৰণ ঘটা এই তৈলখাদ এটা পুঁজিপতি ঠিকাদাৰী প্রতিষ্ঠানে ঠিকাভিত্তিক চলাই আছে। ৰুদ্রসাগৰ তৈল ক্ষেত্ৰৰ অন্তৰ্গত এই তৈল খাদৰ পৰা অধিক খাৰুৱা তেল সংগ্ৰহৰ স্বাৰ্থত প্রতিষ্ঠানটোরে কালি ভূগৰ্ভত পদ্ধতিৰে বোমা স্থাপন কৰি বিস্ফোৰণ ঘটায়।

তাৰ পাছতে খাদটোৰ অহৰহ গেছ নিগৰিত হ’বলৈ ধৰাৰ অভিযোগ উত্থাপন হৈছে। এক সূত্রই জনোৱা মতে, ঠিকাদাৰী প্রতিষ্ঠানটোৱে ভুলবশতঃ খাৰুৱা তেল পৰিবাহী পাইপৰ পৰিৱৰ্তে গেছ পৰিবাহী পাইপত বোমা স্থাপন কৰি বিস্ফোৰণ ঘটোৱাত এনে ভয়াৱহ পৰিস্থিতিৰ উদ্ভৱ হৈছে। এই বিস্ফোৰণৰ শব্দ পাঁচ কিলোমিটাৰ দূৰৰ পৰা শুনিবলৈ পোৱা যায়। এই বিস্ফোৰণে খাদৰ ওচৰ-পাজৰৰ ৰাইজৰ ঘৰ-দুৱাৰ কঁপাই তোলে। উল্লেখ্য যে এ কে পেট্র’ নামৰ এই ঠিকাদাৰী প্রতিষ্ঠানে ২০২৪ৰ ৩১ আগষ্টত গেলেকী তৈলক্ষেত্ৰৰ খাদত কাম কৰি থকাৰ সময়ত এনে ভয়ংকৰ বিস্ফোৰণ ঘটি বিধ্বংসী অগ্নিকাণ্ডৰ সূত্রপাত হৈছিল।

তৎসত্ত্বেও প্রতিষ্ঠানটোক অ’এনজিচিয়ে পুনৰ তেল খননৰ দায়িত্ব দিয়াক লৈ স্থানীয় ৰাইজে প্রশ্ন উত্থাপন কৰিছে। সূত্রই জনোৱা মতে, প্রতিটো তৈল খাদত সুৰক্ষা বিষয়া (ছেফটি অফিচাৰ) নিযুক্তি দিব লাগে। সুৰক্ষা বিষয়াই সকলো দিশ পৰীক্ষা কৰাৰ পাছত বিস্ফোৰণৰ অনুমতি দিলেহে বিস্ফোৰণ কাৰ্যকৰী কৰিব লাগে। কালি বিস্ফোৰণ ঘটোৱাৰ পূৰ্বে সংশ্লিষ্ট প্রতিষ্ঠানে সুৰক্ষা বিষয়াৰ অনুমতি লৈছিল নে নাই সেয়া ৰহস্যৰ আৱৰ্তত আছে। অৱশ্যে খাদটোৰ পৰা তীব্ৰ গতিত নির্গত গেছৰ নিৰ্গমন বন্ধ কৰাৰ উদ্দেশ্যে অ’এনজিচিয়ে ৰাজ্যৰ বাহিৰৰ পৰা বিশেষজ্ঞ অনাৰ সিদ্ধান্ত লৈছে যদিও বাতৰি লিখা পৰলৈ ঘটনাস্থলীত বিশেষজ্ঞ উপস্থিত হোৱা নাই।

ইপিনে, ভয়ংকৰ বিপদৰ আশংকাত ঘৰ-বাৰী এৰি স্থানীয় ৰাইজে আশ্রয় শিবিৰত ভৰ্তি হ’ব লগা হৈছে। আশ্রয় শিবিৰত থকা এই পৰিয়ালসমূহ সম্প্রতি মহা বিপাঙত পৰিব লগা হৈছে। কাৰণ তেওঁলোকৰ অধিকাংশই দিন-হাজিৰা কৰি জীৱন-যাপন কৰা পৰিয়াল। লক্ষ্যণীয়ভাবে এইসকল লোকৰ অৱস্থাৰ বুজ লোৱা নাই অ’এনজিচি কর্তৃপক্ষই। প্রতিষ্ঠানটোৰ বিষয়াবৰ্গই সাংবাদিককো এৰাই চলিছে। ঘটনাস্থলীত সাংবাদিকৰ প্ৰৱেশ নিষিদ্ধ কৰি প্ৰতিষ্ঠানটোৱে কটকটীয়া নিৰাপত্তা বেহু গঢ়ি তুলিছে।

# নিশা আশ্রয় শিবিৰ উত্তপ্ত পৰিস্থিতি

ভয়ত বিমূঢ় হৈ ঘৰ-বাৰী এৰি স্থানীয় ২৮ টা পৰিয়ালে বনগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত আশ্রয় লৈছে। বিদ্যালয়খনত প্রশাসনে এই পৰিয়ালসমূহৰ বাবে অস্থায়ী শিবিৰ স্থাপন কৰিছে। আশ্রয় শিবিৰত পৰ্যাপ্ত সা-সুবিধা যোগান নধৰাত বৃহস্পতিবাৰে নিশা উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়। নিশা ১১ বজা পর্যন্ত অসহায় পৰিয়ালসমূহক খাদ্য, বিশুদ্ধ খোৱাপানী আৰু বিদ্যুৎ যোগান ধৰা পৰা প্রশাসন বিৰত থাকে। ইয়াক লৈ ৰাইজে জিলা প্রশাসন বিষয়াক জবাবদিহি কৰে। পাছত অতিৰিক্ত জিলা আয়ুক্ত উপস্থিত হৈ খাদ্যবস্তু যোগান ধৰি ৰাইজক শান্ত কৰে। আনহাতে, গেছ নির্গত খাদটোৰ ওচৰৰ আঠশ পৰিয়ালক প্রশাসনে খাদ্য যোগান ধৰা বুলি সূত্ৰই প্ৰকাশ কৰিছে। ইপিনে আৰু ৪৭টাৰো অধিক পৰিয়ালক আশ্রয় শিবিৰলৈ স্থানান্তৰ কৰিছে শিৱসাগৰ জিলা প্ৰশাসনে

Exit mobile version