এইবাৰ উদ্ধাৰ ‘অভিশপ্ত’ বিমানৰ দ্বিতীয়টো ব্লেক বক্স! 

IMG 20250616 113825

Black Box:দুৰ্ঘটনা সংঘটিত হোৱাৰ তিনিদিন পাছত সন্ধান ওলাল এয়াৰ ইণ্ডিয়াৰ ‘অভিশপ্ত’ বিমানৰ দ্বিতীয়টো ব্লেক বক্সৰ। দেওবাৰে তদন্তকাৰী বিষয়াসকলে এক ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানক এই বিষয়ে সদৰি কৰে । ধ্বংসাৱশেষৰ তলৰ পৰা উদ্ধাৰ কৰা হৈছে ‘ককপিটৰ ভইচ ৰেকৰ্ডাৰ’ (চিভিআৰ)।

ADVERTISEMENT

প্ৰসংগক্ৰমে যোৱা শুকুৰবাৰে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা হোষ্টেলৰ ছাদৰ পৰা উদ্ধাৰ কৰা হয় প্ৰথমটো ব্লেক বক্স। এইবাৰ দ্বিতীয়টো পোৱা গৈছে।

তদন্তকাৰীয়ে জনোৱা মতে, ব্লেক বক্স দুটা পৰীক্ষা কৰাৰ পাছত দুৰ্ঘটনাটোৰ কাৰণ আৰু বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ঠিক আগতেই বিমানখনত কি হৈছিল সেয়া শীঘ্ৰেই জানিব পাৰিব।

আহমেদাবাদ বিমান দুৰ্ঘটনাৰ ৰহস্য লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়া ড্ৰিমলাইনাৰ এআই-১৭১ৰ ‘ব্লেক বক্স’ত লুকাই আছে। দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ’ল সেই কথা জানিবলৈ সকলোৰে ব্লেক বক্সৰ উপৰত নিৰ্ভৰ কৰি আছে ।

বিমান দুৰ্ঘটনাৰ তদন্তত এই ‘ব্লেক বক্স’ কিয় ইমান গুৰুত্বপূৰ্ণ?

সকলো বিমানতে দুবিধ ব্লেক বক্স থাকে। সেইটোৱেই নিয়ম। এটা হ’ল ককপিট ভইচ ৰেকৰ্ডাৰ (চিভিআৰ)। আনটো হৈছে ফ্লাইট ডাটা ৰেকৰ্ডাৰ (FDR)। দুৰ্ঘটনা সংঘটিত হ’লে এই দুটা ৰেকৰ্ডিঙে সেই মূহুৰ্তত কি হৈছিল তাৰ এটা আভাস তদন্তকাৰীক প্ৰদান কৰে ।

উৰণৰ তথ্যৰ ৰেকৰ্ডত অক্ষাংশ আৰু দ্ৰাঘিমাংশ, বিমানখনে গৈ থকা দিশ আৰু গতিৰ বিষয়ে তথ্য আৰু মুঠ ৮০ ধৰণৰ তথ্য পোৱা যায়। প্ৰথম অৱস্থাত বিমানখনৰ ভিতৰৰ সকলো পৰিঘটনা মেটালিক ষ্টিপত ৰেকৰ্ড হয়।

যাতে পানী বা জুইত পৰিলেও তথ্য হেৰাই নাযায়। পিছলৈ উন্নত প্ৰযুক্তিৰ সহায়ত মেগনেটিক ড্ৰাইভ আৰু মেম’ৰী চিপ ব্লেক বক্সত ৰখা হয়।

Exit mobile version