ৰোগ প্ৰতিৰোধৰ বাবে খাওক তিতা কেৰেলা 

images 12 1

Bitter gourd:ভাৰতীয় খাদ্য তালিকাত যিবোৰ খাদ্যসম্ভাৰ অন্তর্ভুক্ত কৰা হয় সেইবোৰৰ ভিতৰত অন্যতম হ’ল তিতা কেৰেলা। তিতা কেৰেলাত শৰীৰৰ বাবে বিভিন্ন ধৰণৰ উপকাৰী উপদান পোৱা যায়।

ADVERTISEMENT

৯৪ গ্রাম সতেজ তিতা কেৰেলাত কেলৰি ২০, ফাইবাৰ চাৰি গ্ৰাম, ভিটামান চি’ ৯৩ শতাংশ, ভিটামান ‘এ’, ফলেট, পটাছিয়াম, জিংক, আইৰণ আদি থাকে বাবে নিয়মীয়াকৈ নহ’লেও সপ্তাহত দুদিনমান খালে উপকাৰ লাভ কৰিব পাৰি।কেৰেলা খালে ছালখন সতেজ আৰু দৃষ্টিশক্তি স্বাভাৱিক হৈ থাকে। ভিটামিন ‘এ’ৰ বাবে এয়া সম্ভৱ।

ইয়াত থকা কেটচিন, গালিক এচিড, এপিকেটচিন আৰু ক্লৰ’জেনিক এচিড হ’ল শক্তিশালী এন্টি অক্সিডেন্ট। এনেধৰণৰ এন্টি অক্সিডেন্ট কোষ ধ্বংসৰ পৰা ৰক্ষা কৰে।তিতা কেৰেলাত কম পৰিমাণে কেলৰি থকাৰ বিপৰীতে বেছি পৰিমাণে ফাইবাৰ থাকে।

তেজত শৰ্কৰাৰ পৰিমাণ হ্রাস কৰাত সহায় কৰে।ভাৰতৰ বিভিন্ন ঠাইত পৰম্পৰাগত ঔষধ আদিত তিতা কেৰেলা ব্যৱহাৰ কৰি শৰ্কৰা নিয়ন্ত্ৰণ কৰাৰ বিষয়ে তথ্য পোৱা যায়।

বিশেষকৈ আদিবাসী লোকসকলৰ মাজত এনে পৰম্পৰা চলি আহিছে। শেহতীয়াভাৱে বিভিন্ন গৱেষণাতো অধ্যয়নকাৰীসকলে এনেধৰণৰ তথ্য লাভকৰিছে।

তিতা কেৰেলাত কৰ্কটৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা থাকে। পেট, ক’লন আৰু হাওঁফাওঁৰ কৰ্কট ৰোগ সৃষ্টিকাৰী কোষসমূহ ধ্বংস কৰিব পৰা ক্ষমতা আছে। নেজোফেৰিংছৰ কৰ্কট ৰোগ সৃষ্টিকাৰী কোষো ধ্বংস কৰে।ক’লেষ্টেৰল নিয়ন্ত্রণ বা হ্রাস কৰিব পাৰে।

ইয়াত কম পৰিমাণে কেলৰি থাকে বাবে শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰি ৰখাত সহায়ক।

অৱশ্যে গৰ্ভৱতী মহিলাসকলে নিয়মীয়াকৈ তিতা কেৰেলা খোৱাৰ ক্ষেত্ৰত সাৱধান হওক। এইক্ষেত্রত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটোৱে মংগলজনক।

Exit mobile version