দিনটোৰ ৰাশিফল

images 4 1

Horoscope:মেষ: প্রাকৃতিক দুর্যোগত ক্ষতি হ’ব পাৰে। যিকোনো কামত সফল হ’ব। ব্যৱসায়ত ভাল ফল পাব। প্ৰতিকাৰ- তুলসীৰ পূজা কৰিব। শুভৰং বগা। শুভ সংখ্যা ৩।

ADVERTISEMENT

বৃষ: ঘৰলৈ মূল্যবান বস্তু অহাৰ সম্ভাৱনা আছে। ভাল কাম কৰিলে সুফল পাব। বন্ধুৰ লগত বিচ্ছেদ ঘটিব পাৰে। প্ৰতিকাৰ- বেল পাতত চন্দন লগাই লগত ৰাখিব। শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ২।

মিথুন: আপুনি কৰা ভুলৰ বাবে আনে কষ্ট পাব পাৰে। চাকৰিয়ালসকলে নিজৰ কামত মন দিয়ক অন্যথা ক্ষতি হ’ব। সন্তানে কৰা ভাল কামৰ বাবে গৌৰৱ অনুভৱ কৰিব। প্ৰতিকাৰ- আঁহত গছৰ তলত ঘিউৰ চাকি, ধূপ জ্বলাব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৫।

কর্কট: মূল্যৱান বস্তু ক্ষতি হ’ব পাৰে। মাটিৰ সীমাক লৈ সমস্যা হ’ব পাৰে। কৰ্মত বাধা পাব। আজি ভাল কাম হাতত নল’ব। প্ৰতিকাৰ-ঘৰৰ উত্তৰ কোণত খুঁটি এটা মাৰি তাত এখন ৰঙা কাপোৰ বান্ধিব আৰু গুৰিত ধূপ-চাকি জুলাব। শুভ ৰং বগা। শুভ সংখ্যা ৮।

সিংহ: ব্যৱসায়ীসকলে নতুন ব্যৱসায়ৰ সন্ধান পাব। টকা-পইচাৰ অভাৱ বাঢ়িব। চেষ্টা কৰিলে কর্মসংস্থাপন লাভ কৰিব। সন্তানৰ শুভ। প্ৰতিকাৰ- পাৰিলে উপবাসে থাকিব আৰু একচিত্তে শিৱৰ চৰণ চিন্তা কৰি ধ্যান কৰিব। শুভ ৰং আকাশী নীলা। শুভ সংখ্যা ৯।

কন্যা: খং দমাই ৰাখিব অন্যথা ক্ষতি হ’ব। যুটীয়া ব্যৱসায়ীৰ মাজত মতানৈক্য হৈ সংঘাত আহিব পাৰে। নিজৰ ভুলৰ বাবে অর্থ হানি হোৱাৰ সম্ভাৱনা। টকা-পইচাৰ অভাৱ বাঢ়িব। প্ৰতিকাৰ-ভিক্ষাৰীক বগা মিঠাই দান কৰি প্ৰণাম কৰিব। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ২।

তুলা: চাকৰিয়ালসকলে আজি টকা-পইচাৰ লেনদেন নকৰাই ভাল। পুৰণা ৰোগ থকাসকলৰ পীড়া বৃদ্ধি পাব। সন্তানে সমাজত সুনাম পাব। প্ৰতিকাৰ-গা ধুই নৱগ্ৰহৰ স্তোত্রম পাঠ কৰিব। শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ৭।

বৃশ্চিক: অচিন শত্ৰুৰ পৰা ক্ষতি হোৱাৰ ভয়। চাকৰিয়ালসকলে সম্মান লাভ কৰিব। ব্যৱসায়ত লোকচানৰ আশংকা আছে। সন্তানে সুখ দিব। প্ৰতিকাৰ- ক’লা মণি এটা পানীৰ পাত্ৰত থৈ সুৰক্ষিত স্থানত ৰাখিব। শুভ ৰং বগা। শুভ সংখ্যা ৪।

ধনু: টকা-পইচাৰ লেনদেন কৰোতে সাৱধান হ’ব। আৰ্থিক ক্ষতিৰ যোগ। শিক্ষার্থীয়ে ভাল ফল দেখুৱাব পাৰিব। ব্যৱসায়ত শুভ। প্ৰতিকাৰ- ঘৰৰ পৰা ওলাওতে সূৰ্যক প্রণাম কৰিব। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৮।

মকৰ: পুৰণা ৰোগত ভুগি থকাসকলে খোৱা-বোৱাত বিশেষ ধ্যান ৰাখিব। পাবলৈ থকা টকা হাতলৈ আহিব। ব্যৱসায়ীসকলে কৰ্মচাৰীৰ ওপৰত চকু ৰাখিব। প্ৰতিকাৰ- বেলপাত এটাত ৰঙা চন্দন লগাই লগত ৰাখিব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ২।

কুম্ভ: বিবাহ সম্পর্কে চলি থকা কথা-বতৰাৰ আজি ভাল খবৰ পাব। আত্মীয়ৰ পৰা ক্ষতি হোৱাৰ আশংকা আছে। হাত-ভৰিত আঘাত পাব পাৰে। প্ৰতিকাৰ ঘৰ ভালদৰে পৰিষ্কাৰ কৰি ধূপ-ধূনা জুলাই গৃহলক্ষ্মীৰ পূজা-অর্চনা কৰিব। শুভ ৰং নীলা। শুভ সংখ্যা ৩।

মীন: আনক উপকাৰ কৰিবলৈ গৈ ক্ষতি হোৱাৰ ভয়। দুৰ্ঘটনাৰ প্ৰবল সম্ভাৱনা আছে। সন্তানৰ ভুলৰ বাবে লাজত পৰিব। শত্ৰুৰ পৰা ক্ষতিৰ আশংকা। প্ৰতিকাৰ-ভিক্ষাৰীক ক’লা বস্তু দান কৰিব। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৫।

Exit mobile version