Horoscope :মেষ: শুভ ৰং হালধীয়া। হাতলৈ টকা-পইচা আহিব। ব্যৱসায়ত সমস্যা থাকিব। হাতত থকা মূল্যবান বস্তু হেৰাব পাৰে। প্ৰতিকাৰ-পুৱা গা ধুই শনিৰ চালিচা পাঠ কৰিব।
বৃষ: শুভ ৰং গেৰুৱা। যান-বাহন চলাওতে সাৱধান হ’ব। আজি আপোনাৰ দ্বাৰা আনৰ ক্ষতি হোৱাৰ আংশকা আছে। সন্তানৰ ভাল কৰ্মই গৌৰৱ বঢ়াব। প্ৰতিকাৰ-লক্ষ্মীৰ পূজা কৰিব।
মিথুন: শুভ ৰং নীলা। আজিৰ দিনটো আপোনাৰ বাবে শুভ যদিও আর্থিক দিশত কিছু সমস্যা আহিব পাৰে। ব্যৱসায়ীসকলে বিচৰা মতে ফল নাপাব। শিক্ষার্থীসকলৰ বাবে শুভ দিন নহয়। প্ৰতিকাৰ- সোঁ হাতৰ আঙুলিত লোৰ আঙঠি পিন্ধিব।
কর্কট: শুভ ৰঙা বেঙুনীয়া। দূৰলৈ ভ্ৰমণ পাৰিলে নকৰাই ভাল। ব্যৱসায়ীসকলৰ অৰ্থ হানি হ’ব পাৰে। আনৰ পৰা পাব লগা থকা টকা ঘূৰাই পাব। সন্তানৰ শুভ। প্ৰতিকাৰ- আঁহত গছৰ পাত এটাৰ ওপৰত ঘিউৰ চাকি এগছি জ্বলাই ঘৰৰ উত্তৰ কোণত ৰাখিব।
সিংহ: শুভ ৰং গুলপীয়া। পৰিয়ালৰ লগত মতবিৰোধ হ’ব পাৰে। চাকৰিয়ালৰ পদোন্নতিৰ আশা দেখা যায়। সন্তানৰ ভুলৰ বাবে সম্মান হানি হ’ব পাৰে। প্ৰতিকাৰ-ভিক্ষাৰী এজনক ক’লা বস্ত্ৰ দান কৰক।
কন্যা: শুভ ৰং ৰঙা। কর্ম সংস্থাপন লাভ কৰিব পাৰে। আনৰ পৰা পোৱা সহায়ে আপোনাৰ জীৱনৰ ৰং সলনি কৰিব পাৰে।
তুলা: শুভ ৰং আকাশী নীলা। শত্ৰুৰ দ্বাৰা ক্ষতি হোৱাৰ সম্ভাৱনা আছে। সন্তানৰ ভৱিষ্যতৰ বাবে কিবা স্থায়ী কাম সম্পন্ন হ’ব। ধনৰ স্থান শুভ। হাতলৈ টকা-পইচা আহিব। প্ৰতিকাৰ-ঘিউৰ চাকি জ্বলাব।
বৃশ্চিকঃ শুভ ৰং হালধীয়া। চাকৰিৰ স্থানত সমস্যা আহিব পাৰে। কর্মসংস্থাপন বিচৰা সকলে ভাল খবৰ পাব। আকস্মিক দুৰ্ঘটনাৰ যোগ দেখা যায়, সাৱধান হোৱা ভাল। প্ৰতিকাৰ- পূব দিশলৈ মুখ কৰি গা ধুব আৰু সূর্য প্রণাম কৰি জল অর্পণ কৰিব।
ধনু: শুভ ৰং গেৰুৱা। টকা-পইচাৰ লেনদেন নিজ হাতেৰে কৰিব অন্যথা ক্ষতিৰ আশংকা আছে। অচিনাকি ব্যক্তিৰ দ্বাৰা অপদস্থ হোৱাৰ ভয়। আপুনি কৰা ভাল কামৰ বাবে সম্মান লাভ কৰিব। মূল্যবান বস্তু হেৰাব পাৰে। প্ৰতিকাৰ- হনুমান মন্দিৰত মিঠা ফল দান কৰ হনুমান চালিচা পাঠ কৰিব।
মকৰ: শুভ ৰং গুলপীয়া। পাৰিবাৰিক সমস্যা বৃদ্ধি পাব। ঘৰৰ মুখ্য ব্যক্তিৰ শৰীৰ অসুস্থ হৈ সমস্যাত পেলাব পাৰে। শিক্ষা গ্রহণত বাধা আহিব পাৰে। সন্তানৰ ভুলৰ বাবে ক্ষতি হোৱাৰ সম্ভাৱনা আছে। প্ৰতিকাৰ-শিৱ মন্দিৰত লোহাৰ ত্রিশূল এপাত দান কৰিব।
কুম্ভ: শুভ ৰং নীলা। হ’ব লগা কামৰ সুফল লাভ কৰিব। আপুনি কৰা ভাল কামৰ বাবে পুৰস্কৃত হ’ব। মূল্যবান বস্তু হেৰাব পাৰে। সন্তানৰ শুভ। প্ৰতিকাৰ-শিৱ মন্দিৰত থকা ব্রাহ্মণ এজনক বগা বস্তু দান কৰিব। লিংগত অর্পণ কৰি শিৱৰ ধ্যান কৰিব।
মীন: শুভ ৰং বেঙুনীয়া। ঘৰুৱা ব্যক্তিৰ লগত মনোমালিন্য হোৱাৰ সঞ্জনা আছে। বিপদ কালত আনৰ পৰা আর্থিক সাহায্য পাব। চাকৰিয়ালে নিজৰ ভুলৰ বাবে বিপদত পৰিব পাৰে। প্ৰতিকাৰ-শিৱৰ মন্দিৰত থকা শিৱলিংগত গাখীৰ আৰু ধতুৰা ফুল অর্পণ কৰি শিৱৰ ধ্যান কৰিব।