স্বস্তি! এই টেবলেটে নিৰ্মূল কৰিব ৰক্ত কৰ্কট

images 16

Blood cancer: ৰক্ত কৰ্কটত আক্রান্তসকলৰ বাবে এক স্বস্তিৰ বতৰা। বিশ্বখ্যাত ঔষধ উৎপাদনকাৰী প্ৰতিষ্ঠান গ্লেনমাৰ্কে ৰক্ত কৰ্কট নির্মূলকাৰী এবিধ টেবলেট তৈয়াৰ কৰিবলৈ লৈছে।

মুম্বাইত মুখ্য কার্যালয় থকা প্রতিষ্ঠানটোৰ এই ঔষধৰ মূল্য ২০ হেজাৰ টকাৰ পৰা আঢ়ৈ লাখ টকাৰ ভিতৰত হ’ব বুলি চর্চা হৈছে। প্রতিষ্ঠানটোৱে তৈয়াৰ কৰা এই টেবলেটৰ নাম জানব্রুটিনিব।

এই ঔষধৰ এটা পেকেটত ৮০ মিলিগ্ৰামৰ কমেও ১২০ টা টেবলেট থাকিব। এই সম্পর্কত কর্কট বিশেষজ্ঞ ডাঃ শুভদীপ চক্ৰৱৰ্তীয়ে সংবাদ মাধ্যমক কয়, ‘জটিল মায়েলয়েড লিউকেমিয়া বা শ্বেতৰক্ত কণিকাৰ কর্কট ৰোগ সঠিকভাৱে চিহ্নিত হ’লে তেন্তে ৰোগীৰ জীয়াই থকাৰ সম্ভাৱনা বৃদ্ধি পায়। ৰোগ চিনাক্তকৰণ পলম হ’লেহে জটিলতাৰ সৃষ্টি হয়।’

শেহতীয়াভাৱে গ্লেনমার্ক ফার্মাচিউটিকেলে তৈয়াৰ কৰা এই ঔষধ ভাৰতীয় লোকৰ শৰীৰৰ বাবে উপযোগীকৈ তৈয়াৰ কৰা হৈছে বুলি প্রতিষ্ঠানটোৱে দাবী কৰিছে।

প্ৰতিষ্ঠানটোৰ মতে এই ঔষধ নিৰ্দিষ্ট পৰিমাণত গ্ৰহণ কৰিলে কৰ্কট কোষৰ বৃদ্ধি আৰু বিভাজন বন্ধ হ’ব। স্বাভাৱিকতে এই টেবলেটে ৰেডিঅ’থেৰাপি বা কেম’থেৰাপি গ্ৰহণৰ যন্ত্ৰণাৰ পৰা ৰোগীক মুক্তি দিব।

ঔষধ প্রতিষ্ঠানটোৱে প্ৰকাশ কৰা অনুসৰি এই টেবলেট ‘ব্র’কিনসা’ নামেৰে বিক্ৰী কৰা হ’ব। ঔষধবিধৰ ক্লিনিকেল পৰীক্ষা বহুদিন ধৰি চলিছে বুলি প্রতিষ্ঠানটোৱে জনায়। এই পৰীক্ষাত দেখা যায় যে টেবলেটবিধ গ্ৰহণ কৰি ৰোগীয়ে উপকাৰ পাইছে।

পৰীক্ষাৰ প্ৰতিবেদন লক্ষ্য কৰি কেন্দ্ৰীয় ঔষধ নিয়ন্ত্রক সংস্থাই ইয়াৰ উৎপাদন আৰু বিক্রীত অনুমোদন জনাইছে। উল্লেখ্য যে শ্বেতৰক্ত কণিকাৰ কৰ্কট অস্থি মজ্জাৰ পৰা দ্রুততৰে বিয়পি পৰে। সম্প্রতি বিশ্বত এইবিধ কর্কট ৰোগৰ বিভিন্ন প্ৰকাৰৰ চিকিৎসা পদ্ধতি চলি আছে।

এইবিধ কর্কটত অস্থিমজ্জাৰ বীজকোষত সৃষ্ট ৰক্তকণিকাৰ কোষৰ সংখ্যা অস্বাভাৱিক আৰু অনিয়ন্ত্রিত ৰূপত বৃদ্ধি পায়। তাৰ মাজতে লোহিত ৰক্তকণিকা, শ্বেতৰক্ত কণিকা আৰু অণুচক্রিকা তৈয়াৰ হয়।

সম্প্রতি এই ৰোগনাশক টেবলেট তৈয়াৰ হোৱা বুলি প্ৰচাৰিত খবৰক লৈ বহুতে স্বস্তিৰ নিশ্বাস পেলাইছে।

Exit mobile version