ইজৰাইলৰ চিকিৎসালয়ত মিছাইল আক্ৰমণ! কমেও ৬৫ জন আহত

1750318162 israel hospital 1

Iran Israel Conflict:ইৰাণ-ইজৰাইল সংঘাতৰ সপ্তম দিনত ভৰি দিছে। বৃহস্পতিবাৰে পুৱা ইজৰাইলে ইৰাণৰ আন এটা পাৰমাণৱিক কেন্দ্ৰত আক্ৰমণ চলায়। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে এইবাৰ ইজৰাইলৰ ফালেও ধাৰাবাহিকভাৱে ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হয়।

দক্ষিণ ইজৰাইলৰ এখন চিকিৎসালয়ত সংঘটিত হয় এই আক্ৰমণ।বিভিন্ন সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি এই ঘটনাত এতিয়ালৈকে কমেও ৬৫ জন লোক আহত হৈছে।

ইজৰাইলৰ বাহিনীয়ে বৃহস্পতিবাৰে পুৱা ইৰাণৰ আৰক পাৰমাণৱিক কেন্দ্ৰত আক্ৰমণ চলায়। তাৰ পাছৰে পৰা ইৰাণে ইজৰাইলৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে বেলিষ্টিক মিছাইল আক্ৰমণ চলাইছে।

ইজৰাইলৰ দক্ষিণৰ বেৰচেবা চহৰৰ অন্যতম মূল চিকিৎসালয় ছ’ৰোকাক আক্ৰমণ কৰিছে ইৰাণে। আল জাজিৰাৰ মতে, টেল আভিভ ষ্টক এক্সচেঞ্জৰ ভৱনকো লক্ষ্য কৰি আক্ৰমণ কৰা হয়।

ইয়াৰ উপৰিও ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে দাবী কৰে যে দেশৰ ঠিক মাজভাগৰ জনবসতিপূৰ্ণ অঞ্চলত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হয়।

ইজৰাইলৰ সেনাই অভিযোগ উত্থাপন কৰিছে যে ইৰাণে বৃহস্পতিবাৰে পুৱাৰে পৰা কমেও “কেবা ডজন” বেলিষ্টিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে, ইয়াৰে কিছুমানে অসামৰিক অঞ্চলত আঘাত কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি ছ’ৰ’কা হাস্পতালত সংঘটিত হোৱা আক্ৰমণৰ কেবাখনো ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াতো বিয়পি পৰিছে।

ইজৰাইলৰ জৰুৰীকালীন সেৱাই জনোৱা মতে, এই ঘটনাত এতিয়ালৈকে কমেও ৬৫ জন লোক আহত হৈছে।

অৱশ্যে ইৰাণৰ সংবাদ সংস্থাৰ দাবী, বৃহস্পতিবাৰে পুৱা ইৰাণী সেনাৰ কমাণ্ড এণ্ড ইনটেলিজেন্স (আই ডি এফ চি আই)ৰ মুখ্য কাৰ্যালয়ত ইৰাণৰ বাহিনীয়ে আক্ৰমণ চলাইছিল। গাভ-য়ামত থকা ইজৰাইলৰ সামৰিক চোৰাংচোৱা কাৰ্যালয়তো আক্ৰমণ কৰা হয়।

অৱশ্যে এই আক্ৰমণ সংঘটিত হোৱা চিকিৎসালয়খনৰ সামান্য ক্ষতিসাধন হোৱাৰ অভিযোগ উত্থাপন হৈছে। তেওঁলোকৰ উদ্দেশ্য আছিল মূলতঃ সামৰিক আৰু চোৰাংচোৱা সংস্থাক আক্ৰমণ কৰা।

Exit mobile version