মুকালমুৱাৰ লাৰকুছিত ভয়ংকৰ নাও দুর্ঘটনা

নাও দুর্ঘটনাত সন্ধানহীন স্কুলীয়া শিক্ষার্থীসহ চাৰিজনলোক

IMG 20250619 WA0017

Boat accident in Mukalmua:এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যাবলৈ চৰাঞ্চলৰ লোক সকলৰ সম্বল হৈ পৰে নাও৷

বৃহস্পতিবাৰে পুৱাই মুকালমুৱাৰ লাৰকুছিত ভয়ংকৰ নাও দুর্ঘটনা ৷ ব্ৰহ্মপুত্ৰৰ বুকুৰে শিক্ষাৰ্থী সহ আন যাত্ৰী কঢ়িয়াই নিয়া ভটভটী নাও দুৰ্ঘটনাত পতিত হৈ নাও খনত থকা স্কুলীয়া শিক্ষার্থীসহ চাৰিজনলোক ভৰলুইতৰ বুকুত উটি যায় ৷

শোকাৱহ দুৰ্ঘটনাটোৰ পাছতে হুৱাদুৱা লাগে আন আন যাত্ৰীসকলৰ মাজত ৷ প্ৰাণৰ মমতাত চিৎকাৰ কৰা যাত্ৰী সকলৰ অধিকাংশক আন নাওত অহা লোকে উদ্ধাৰ কৰে ৷জানিব পৰা মতে দুৰ্ঘটনাগ্ৰস্ত নাও খনত প্ৰায় ৩৩ গৰাকী শিক্ষাৰ্থী সহ যাত্ৰী থকাৰ লগতে কে’বা খনো চাইকেল আৰু মটৰ চাইকেল আছিল ৷

আনহাতে ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে নৈ কাষত অৱস্থান কৰে যাত্ৰীসকলৰ আত্মীয় ৷ ইপিনে ঘটনাস্থলীত সন্ধানহীন শিক্ষাৰ্থী সহ আন চাৰি যাত্ৰী উদ্ধাৰৰ বাবে এছডিআৰএফৰ উদ্ধাৰকাৰী দল আৰু আৰক্ষী উপস্থিত হয় ৷ স্থানীয় লোকৰ অভিযোগ বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হয় এছডিআৰএফৰ আৰু আৰক্ষী ৷

Exit mobile version