ইৰান-ইজৰাইল যুদ্ধত হস্তক্ষেপ কৰিলে ভয়াৱহ হ’ব পৰিণাম: মস্কো

ইৰানৰ সৰ্বোচ্চ ধর্মীয় নেতা খামেইনিক হত্যাৰ মুকলি হুংকাৰ দিলে ইজৰাইলে

IMG 20250620 104218

Israel-Iran War :ইৰানৰ সৰ্বোচ্চ ধর্মীয় নেতা আয়াতুল্লা আলি খামেইনিক হত্যাৰ মুকলি হুংকাৰ দিলে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰায়েল কাজে।ভয়াৱহ ক্ষেপণাস্ত্র আক্ৰমণৰে কালি পুৱা ইৰানে ইজৰাইলৰ এখন চিকিৎসালয়ৰ বিস্তৰ ক্ষতিসাধন কৰাৰ পাছতে জাঙুৰ খাই উঠি ইৰানী ধর্মীয় নেতাজনলৈ এই সকীয়নি বাৰ্তা প্ৰেৰণ – কৰে ইজৰাইলী প্ৰতিৰক্ষা মন্ত্ৰীজনে।

মার্কিন প্ৰশাসনৰ সহযোগত খামেইনিক হত্যাৰ ইংগিত দিয়ে কাজে। যোৱা শুকুৰবাৰে ইৰানৰ বিৰুদ্ধে সূচনা কৰা যুদ্ধৰ অন্যতম লক্ষ্য খামেইনিক হত্যা কৰা বুলি তেওঁ স্পষ্ট ভাষাৰে উল্লেখ কৰিছে। কাজে কয়, ‘তেওঁ’ (খামেইনি)ৰ দৰে মানুহৰ সৰ্বদা লক্ষ্য হৈছে ইজৰাইলক ধ্বংস কৰা। সকলো সময়তে আমাৰ ওপৰত আক্রমণ চলাবলৈ চেষ্টা কৰে। তেওঁ জীয়াই থকা উচিত নহয়। আমাৰ অভিযানৰ অংগ হৈছে তেওঁক হত্যা কৰা।’

ইৰানৰ বিৰুদ্ধে আক্রমণ অধিক প্রবল কৰিবলৈও তেওঁ ইজৰাইলী প্রতিবক্ষা বাহিনীলৈ নির্দেশ জাৰি কৰিছে। ইবানে কৃতকৰ্মৰ পৰিণাম ভোগ কৰিবই বুলি দাবী কৰি কাজে লগতে ইংগিত দিয়ে যে ইজৰাইলে সহজে শিৰনত নকৰে। উল্লেখ্য যে যোৱা মঙলবাৰে নিশা মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে সামাজিক মাধ্যমযোগে কয় যে খামেইনিৰ আশ্রয় স্থলৰ তথ্য মার্কিন প্রশাসনৰ নখ দর্পণত আছে।

এই মন্তব্যৰ জৰিয়তে ট্রাম্পে মার্কিন প্রশাসনৰ বাবে খামেইনিক হত্যা সহজ হৈ থকা বুলি ইংগিত দিয়ে। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি ইজৰাইলী প্ৰতিৰক্ষা মন্ত্রীজনে খামেইনিক হত্যাৰ হুংকাৰ দিয়া কাৰ্যই তাৎপর্য বহন কৰিছে। তদুপৰি ইৰানৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্ৰও যুদ্ধত লিপ্ত হোৱাৰ সম্ভাৱনা প্রবল হৈছে। আনহাতে, ইৰানৰ ধাৰাবাহিক আক্রমণে ইজৰাইলৰ পৰিৱেশ বিপজ্জনক কৰি তোলাত দেশখনত বাস কৰা মার্কিন নাগৰিকসকলৰ জীৱনক লৈ উদ্বিগ্ন হৈছে ট্রাম্প প্রশাসন।

দেশখনত থকা মার্কিন ৰাষ্ট্রদূত আৰু দূতাবাসৰ বিষয়া-কর্মচাৰীসকল তথা তেওঁলোকৰ পৰিয়ালবৰ্গক নিৰাপদ স্থানত আশ্রয় ল’বলৈ মার্কিন প্রশাসনে আহ্বান জনাইছে। কালি এক বিবৃতিযোগে ইজৰাইলস্থিত মার্কিন দূতাবাসে এই কথা প্রকাশ কৰে।

আমেৰিকা-ইজৰাইলে খামেইনিক হত্যা কৰিলে কি কৰিব ৰাছিয়াই!

একাংশ সংবাদ সংস্থাৰ মতে, চলিত যুদ্ধৰ সময়ত ইৰানৰ কাষত থিয় দিছে বাছিয়া। এনে অবস্থাতে মার্কিন বাহিনীবে মিলি ইজৰাইলে ইৰানৰ সৰ্বোচ্চ ধর্মীয় নেতা আয়াতুল্লা আলি খামেইনিক হত্যাৰ পৰিকল্পনা কৰা বুলি ব্যাপক চর্চা হৈছে। যদি এই পৰিকল্পনা কার্যকৰী হয় তেন্তে বাছিয়াৰ ভূমিকা কি হ’ব বুলি সাংবাদিকে প্রশ্ন সোধাত কছ ৰাষ্ট্রপতি ভ্লাডিমীৰ পুটিনে কয়, ‘আমি এই পৰিস্থিতি (খামেইনি হত্যা)ৰ সম্ভাৱনাক লৈ আলোচনা কৰিব নিবিচাৰো।’ খামেইনিক হত্যাৰ চেষ্টা চলাৰ বিষয়ে শুনা বুলিও কছ ৰাষ্ট্ৰপতিজনে মন্তব্য কৰে।

সম্প্রতি যুদ্ধ পৰিস্থিতিত ইৰানৰ ৰাজনৈতিক নেতৃত্বৰ পক্ষত সমগ্র দেশৰ জনতা ঐক্যবদ্ধ হৈছে বুলিও কছ বাষ্ট্রপতিজনে দাবী কৰে। তেওঁ কয়, ‘ইৰানৰ ৰাজনৈতিক প্ৰক্ৰিয়াৰ সকলো জটিলতা সত্ত্বেও দেশখনৰ ৰাজনৈতিক নেতৃত্বৰ পক্ষত জনতা ঐক্যবদ্ধ হৈ আছে।’

ট্রাম্পৰ লক্ষ্য ফোৰডোৰ ভূগর্ভস্থ পৰমাণু কেন্দ্র!

ইৰানৰ অন্যতম গুৰুত্বপূৰ্ণ পৰমাণু কেন্দ্ৰ ফোৰডোৰস্থিত ইউৰেনিয়াম সমৃদ্ধিকৰণ কেন্দ্র সম্প্রতি মার্কিন ৰাষ্ট্ৰপতিৰ লক্ষ্য হৈ পৰিছে। সংবাদ মাধ্যমৰ আগত সূত্ৰই প্ৰকাশ কৰা অনুসৰি বাংকাৰ ধ্বংসকাৰী বোমা (বাংকাৰ বাষ্টাৰ) ৰে ফোৰডোৰ এই পৰমাণু কেন্দ্র সম্পূর্ণৰূপে ধ্বংস কৰিব পৰাটো সম্ভৱ হ’ব নে নহয়, সেই সম্পৰ্কত ৰাষ্ট্ৰপতি ট্রাম্পে মার্কিন প্ৰতিৰক্ষা বিষয়াসকলৰ পৰা জানিব বিচাৰিছে।

সূত্ৰৰ মতে, বাংকাৰ বাষ্টাৰ বোমা জিবিইউ-৫৭ৰ জৰিয়তে ইৰানৰ এই পৰমাণু কেন্দ্ৰ ধ্বংস কৰা সম্ভৱ বুলি মার্কিন সামৰিক বিষয়াবর্গই ট্রাম্পক অৱগত কৰিছে। বিশেষজ্ঞসকলৰ মতে, এনে এটা বোমাৰ ওজন ১৩.৬ টন। এনে বোমা ব্যৱহাৰ কৰি পৰমাণু কেন্দ্রটো সম্পূর্ণৰূপে ধ্বংস কৰিব পৰা হ’ব বুলি মার্কিন সামৰিক বিষয়াবৰ্গই নিশ্চিতি দিলেও তাক লৈ ৰাষ্ট্ৰপতিজন আশ্বস্ত হ’ব পৰা নাই।

গতিকে ইৰান-ইজৰাইলৰ যুদ্ধত লিপ্ত হ’ব নে নহয়, তাক লৈ তেওঁ বাতৰি লিখা পর্যন্ত সিদ্ধান্ত ল’ব পৰা নাই। তাৰ পৰিৱৰ্তে আমেৰিকা যুক্তৰাষ্ট্ৰও যুদ্ধত লিপ্ত হ’ব বুলি ভয় দেখুৱাই ইৰানক আলোচনাত বহাবলৈ ট্রাম্পে চেষ্টা কৰি থকা বুলি সূত্রই প্রকাশ কৰিছে।

উল্লেখ্য যে ফোৰডোৰ এই পৰমাণু কেন্দ্র ভূগর্ভত অৱস্থিত। অৱশ্যে কেন্দ্ৰটো মাটিৰ পৰা কিমান গভীৰতাত অৱস্থিত তাৰ তথ্য মার্কিন তথা ইজৰাইলী গুপ্তচৰ বাহিনীৰ হাতত নাই বুলি সূত্রই প্রকাশ কৰিছে। অৱশ্যে ইজৰাইলী গুপ্তচৰ সংস্থাই ধাৰণা কৰিছে যে এই পৰমাণু কেন্দ্ৰ মাটিৰ পৰা তিনিশ ফুট (৯০ মিটাৰ) গভীৰতাত অৱস্থিত থাকিব পাৰে।

সূত্ৰৰ মতে, মাথোঁ এটা বাংকাৰ বাষ্টাৰ বোমাৰে এই পৰমাণু কেন্দ্ৰ সম্পূৰ্ণৰূপে ধ্বংস কৰাটো সম্ভৱ নহয়। কেন্দ্রটো সম্পূর্ণরূপে ধ্বংস কৰিবলৈ বহুকেইটা বোমাৰ প্রয়োজন হ’ব বুলি সূত্রই প্রকাশ কৰিছে। এনে বোমাৰ স’তে কিছুসংখ্যক সাধাৰণ বোমাও প্রয়োগ কৰিলেহে কেন্দ্রটো সম্পূর্ণৰূপে ধ্বংস হোৱাৰ সম্ভাবনা আছে।

সূত্ৰৰ মতে, ভূগর্ভস্থ পৰমাণু কেন্দ্ৰটোৰ ওপৰৰ মাটি সাধাৰণ বোমা ব্যৱহাৰ কৰি আঁতৰাব লাগিব। তাৰ পাছতহে বাংকাৰ বাষ্টাৰ ব্যৱহাৰ কৰি পৰমাণু কেন্দ্ৰটো ধ্বংস কৰিব পৰা যাব বুলি সুত্রই সদৰী কৰিছে। অৱশ্যে একাংশৰ মতে, বৃহৎ পৰিমাণৰ সাধাৰণ বোমা ব্যৱহাৰ কৰিও এই পৰমাণু কেন্দ্র সম্পূর্ণৰূপে ধ্বংস কৰিব পৰা হ’ব।

প্ৰতিৰক্ষা বিশেষজ্ঞসকলৰ মতে, জিবিইউ-৫৭ বোমাৰে ভূগর্ভস্থ বাংকাৰ ধ্বংস কৰিব পাৰি। সেয়েহে এই বোমাক বাংকাৰ বাষ্টাৰ বুলি কোৱা হয়। উল্লেখ্য যে পূর্বে ইজৰাইলে ফোবডোৰ এই পৰমাণু কেন্দ্রত আক্রমণ সংঘটিত কৰে যদিও কেন্দ্ৰটোৰ ইউৰেনিয়াম পৰিশোধনৰ কাম ব্যাহত কৰাত ব্যর্থ হয়। মাটিৰ পৰা বহু গভীৰতাত অৱস্থিত হোৱাৰ পৰিপ্ৰেক্ষিতত বোমাৰ আঘাত কেন্দ্রটোত নপৰিল। আনহাতে, সূত্ৰৰ মতে ইজৰাইলৰ ওচৰত দুই ধৰণৰ বাংকাৰ বাষ্টাৰ বোমা আছে।

ইয়াৰে এবিধ হ’ল ব্লু-১০৯ আৰু আনবিধ জিবিইউ-২৮। প্রতিৰক্ষা বিশেষজ্ঞসকলৰ মতে ব্লু-১০৯ বোমাই মাটিৰ পৰা ছয়-আঠ ফুট গভীৰতাত অৱস্থিত পকী দেৱাল ধ্বংস কৰিব পাৰে। যোৱা বছৰ হিজবুল্লা নেতা হাছান নাছৰাল্লাক হত্যাত ইজৰাইলী বাহিনীয়ে এই বোমা ব্যৱহাৰ কৰে। আনহাতে, জিবিইউ-১৮ বাংকাৰ ধ্বংসকাৰী বোমাই মাটিৰ পৰা ১৬-২০ ফুট গভীৰতাত অৱস্থিত পকী দেৱালো ধ্বংস কৰিব পাৰে।

অৱশ্যে এই দুবিধ বাংকাৰ বাষ্টাৰ বোমাও ফোৰডোৰ পৰমাণু কেন্দ্ৰ ধ্বংস কৰিবলৈ সক্ষম নহয় বুলি চর্চা হৈছে। আনহাতে, মার্কিন বাহিনীৰ হাতত থকা জিবিইউ-৫৭ বোমাই মাটিৰ পৰা দুশ ফুট (৬১ মিটাৰ) গভীৰতাত অবস্থিত কংক্রিটৰ দেৱাল ধ্বংস কৰিব পাৰে।

অৱশ্যে এনে ধৰণৰ মাথোঁ এটা বোমাই ইৰানৰ এই পৰমাণু কেন্দ্ৰৰ ক্ষতি কৰিব নোৱাৰে বুলি একাংশ প্রতিৰক্ষা বিশেষজ্ঞই মন্তব্য কৰিছে।

ট্রাম্পক পুনৰ সকীয়নি পুটিনৰ

চলিত ইৰান-ইজৰাইল যুদ্ধত হস্তক্ষেপ কৰিলে পৰিণাম ভয়াবহ হ’ব বুলি মার্কিন প্রশাসনক পুনৰ সকীয়াই দিছে ৰাছিয়াই। ইউক্রেইনৰ স’তে যুদ্ধত জড়িত থকাৰ সময়তে কছ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিন চৰকাৰে মার্কিন প্রশাসন তথা ইজৰাইলৰ প্রতি কঠোৰ স্থিতি গ্রহণ কৰিছে।

উল্লেখ্য যে যোৱা মঙলবাৰে নিশাৰ পৰা মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ইৰানৰ সৰ্বোচ্চ ধর্মীয় নেতা আয়াতুল্লা আলি খামেইনিসহ দেশখনৰ নেতৃত্বলৈ কঠোৰ সতর্কবার্তা প্ৰেৰণ কৰি আছে। আনকি ইজৰাইলৰ স’তে মিলি ইৰানৰ ফোৰডোৰ পৰমাণু কেন্দ্ৰ ধ্বংসৰ পৰিকল্পনাও মার্কিন প্রশাসনে কৰা বুলি বাতৰি প্ৰচাৰ হৈছে।

কালি বিষয়টো সম্পর্কত প্রতিক্রিয়া প্রকাশ কৰি ৰাছিয়াৰ বৈদেশিক মন্ত্রণালয়ৰ মুখপাত্র মাবিয়া জাখাৰোভাই সাংবাদিকৰ আগত কয়, ‘এই পৰিস্থিতিত মার্কিন সামৰিক হস্তক্ষেপৰ বিৰুদ্ধে সকীয়াই দিবলৈ বিচাৰিছো। এই পদক্ষেপ অত্যন্ত ভয়ংকৰ হ’ব পাৰে। যাৰ পৰিণাম অকল্পনীয় নেতিবাচক হ’ব পাৰে।’

কেৱল কছ বৈদেশিক মন্ত্রণালয়ে নহয়, ৰাছিয়াৰ পৰমাণু শক্তি নিগমৰ মুৰব্বীয়েও মার্কিন প্রশাসনলৈ সকীয়নি দিছে। পৰমাণু শক্তি নিগমৰ মুৰব্বীজনে কয়, ‘ইৰানৰ বুশেহৰ পৰমাণু বিদ্যুৎ কেন্দ্রত যদি ইজৰাইলে কোনো আক্রমণ সংঘটিত কৰে তাৰ পৰিণাম ভাল নহ’ব। পৰিণতি চার্নোবইল সদৃশ হ’ব পাৰে।’ উল্লেখ্য যে ১৯৮৪ত দুটা ভয়ংকৰ বিস্ফোৰণত ইউক্রেইনৰ চাৰ্নোবইল পৰমাণু শক্তিকেন্দ্ৰৰ দুটা ৰিয়েক্টৰ কঁপি উঠে। ফলত পৰমাণু কেন্দ্ৰৰ পৰা দ্রুততৰে তেজস্ক্রিয় বিকিৰণ ঘটি এহেজাৰ বৰ্গকিলোমিটাৰৰো অধিক অঞ্চলক একপ্ৰকাৰ মৃত্যু উপত্যকাত পৰিণত কৰে।

সম্প্রতি ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই ইৰানৰ পৰমাণু ঘাটিত আক্রমণ চলালে তাৰ পৰিণাম ইজৰাইলেও ভোগ কৰিব লাগিব বুলি ৰুছ চৰকাৰে সকীয়াই দিছে। লক্ষ্যণীয় যে ইজৰাইলী সেনাৰ এজন মুখপাত্রই ইজৰাইলী বাহিনীয়ে বুশেহৰ পৰমাণু বিদ্যুৎ কেন্দ্ৰত আক্রমণ সংঘটিত কৰা বুলি দাবী কৰাৰ কিছু সময়ৰ পাছতে এই বিবৃতিত ভুল থকা বুলি প্রকাশ কৰে।

এই সম্পৰ্কত ইজৰাইলী সেনাৰ মুখপাত্ৰজনে কয় যে উক্ত পৰমাণু কেন্দ্ৰত ইজৰাইলী বাহিনীয়ে আক্রমণ সংঘটিত কৰিলে নে নাই সেয়া নিশ্চিত হোৱা নাই। অৱশ্যে পৰমাণু কেন্দ্রটোত আক্রমণ সংঘটিত কৰা নাই বুলিও ইজৰাইলী বাহিনীয়ে প্ৰকাশ কৰা নাই। ইজৰাইলী বাহিনীৰ মুখপাত্ৰজনে এই বিবৃতি প্রকাশৰ পাছতে ইজৰাইলৰ লগতে মার্কিন প্রশাসনলৈ কঠোৰ সকীয়নি বার্তা প্ৰেৰণ কৰিছে।

লক্ষ্যণীয় যে ইৰানৰ বুশেহৰ পৰমাণু বিদ্যুৎ কেন্দ্রই হ’ল দেশখনৰ একমাত্ৰ পৰমাণু বিদ্যুৎ কেন্দ্র। এই কেন্দ্র বাছিয়াৰ সহযোগত দেশখনে নিৰ্মাণ কৰে। কালিও ৰাছিয়াৰ উপ-বৈদেশিক মন্ত্রী চাগেই ৰাব’ক’ভে আমেৰিকা যুক্তৰাষ্ট্ৰক সকীয়াই দিছিল।

ইৰান-ইজৰাইল যুদ্ধত হস্তক্ষেপ নকৰিবলৈ ট্রাম্প প্রশাসনক সকীয়াই দি ৰুছ উপ-বৈদেশিক মন্ত্রীজনে কয়, ‘আমি রাশিংটনক সতর্ক কৰি দিছো। কাল্পনিক পদক্ষেপ গ্ৰহণ নকৰিব।’ ইৰানৰ পাৰমাণবিক আন্তঃগাঁথনিত ইজৰাইলে আক্রমণ চলালে সমগ্র বিশ্ব বিপর্যয়ৰ পৰা ‘মিলিমিটাৰ’ দূৰতহে অৱস্থান কৰিব বুলি ৰাছিয়াই আশংকা কৰিছে।

অৱশ্যে ইৰান-ইজৰাইল যুদ্ধত হস্তক্ষেপ কৰিব নে নাই সেয়া আজি নিশালৈকে মার্কিন ৰাষ্ট্রপতি ট্রাম্পে নিশ্চিত কৰা নাই। এনে অবস্থাতে কছ চৰকাৰৰ আশংকা হ’ল যে ইৰানৰ পৰমাণু ক্ষেত্ৰত আঘাত হনাৰ অৰ্থ ২০১১ৰ জাপানৰ ফুকুশিমাৰ পাৰমাণৱিক দুর্যোগ সদৃশ বিপর্যয়ৰ সৃষ্টি কৰা। উক্ত বছৰ ভয়ংকৰ চুনামি-ভূমিকম্পৰ ফলত ফুকুশিমা পাৰমাণবিক ক্ষেত্ৰৰ বিস্তৰ ক্ষতিসাধন হয়।

উল্লেখ্য যে যোৱা সপ্তাহত কছ ৰাষ্ট্ৰপতি পুটিনে ইবান-ইজৰাইল যুদ্ধৰ অন্ত পেলোৱাত মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিবলৈ আগ্রহ প্রকাশ কৰিছিল। তাৰ পাছতে বিষয়টোক লৈ মার্কিন বাষ্ট্রপতি ট্রাম্প অত্যধিক সক্রিয় হৈ উঠে।

Exit mobile version